Breaking

অসমৰ অন্যতম বন্যপ্ৰাণী সুৰক্ষাকৰ্মী ‘মনোজ গগৈ’

0 1,814

অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল – কাজিৰঙাৰ বোকাগাঁৱ অঞ্চলৰ মনোজ গগৈ । ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে । তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই । ঘটনাটো আছিল এইধৰণৰ -দেওবৰীয়া দুপৰীয়া এটাত ৰাস্তাৰ মাজত মানুহৰ জুম এটা দেখি মনোজ গগৈ আগবাঢ়ি যায় আৰু দেখে যে মানুহ কিছুমানে এডাল অজগৰ সাপক চীপজৰী দি নিজৰ ভয়ৰ পৰা সাৰিবলৈ আঘাতপ্ৰাপ্ত কৰিছিল  তেতিয়া সেই অজগৰক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ মানুহৰ জুমটোক অজগৰডাল নামাৰিবলৈ অনুৰোধ কৰে আৰু ঘৰলৈ গৈ প্ৰয়োজনীয় সঁজুলি পাতি আনি সাপডালক ৰক্ষা কৰে আৰু তেনেকৈয়ে সাপডাল সুস্থ হৈ উঠাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষৰ অনুমতি সন্মতে হাবিৰ মাজত এৰি দিয়ে ।
২০০৭ চনৰ আগলৈকে এনেদৰে উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ সংখ্যা প্ৰায় ৫,০০০ৰো অধিক। এই বন্যপ্ৰাণী সমূহক তেওঁ সন্তানৰ দৰে লালন পালন কৰে আৰু সিহঁতৰ লগত বাৰ্তালাপো কৰিব পাৰে শগুণ, কাউৰী, ফেঁচা , কাছ, বিভিন্ন প্ৰজাতিৰ সাপ ইয়াত ভিতৰত উল্লেখযোগ্য । ইয়াৰোপৰি ৪জনী মাছৰোকা (kingfisher) ডাঙৰ কৰাটো তেওঁৰ জীৱনৰ এক ডাঙৰ সাফল্য বুলি তেওঁ ভাবে আৰু সচাকৈয়ে এইটো এক প্ৰশংসনীয় কাৰ্য।
মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণত আগ্ৰহী কিছুমান ব্যক্তিৰ লগত লগলাগি ২০০৭ চনত ” The naturalist to Rehabilitation of Snakes and Birds (NRSB)” নামৰ সংগঠন গঠন কৰে । বৰ্তমান এই সংগঠনটোত ১০০ জনৰো অধিকলোকে ইচ্ছাকৃতভাবে কাম কৰিছে। মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ কথা চুবুৰীয়া বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা কৰে লগতে বিভিন্ন ঠাইত সজাগতা প্ৰচাৰো চলাই।
২০১৪ চনত Corbett foundation য়ে মনোজ গগৈক  ” wildlife warrior ” বঁটাৰে সন্মানিত কৰে। ইয়াৰ পিছতে ধৃতিমান কাকতি নামৰ এজন অসমীয়া পৰিচালকে ” ‍The man who speaks Nature ” নামৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে য’ত তেওঁ মনোজ গগৈৰ কৰ্মৰাজিক উপস্থাপন কৰে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ  মৰম , স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে প্ৰশংসনীয় । আমি প্ৰত্যেকেই  বন্যপ্ৰাণীৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে এনেধৰণৰ কাম কৰিব লাগে আৰু বন্যপ্ৰাণীবোৰৰ বিলুপ্তিকৰণত বাধাৰ হেঙাৰ হৈ থিয় দিব লাগে।

Leave A Reply

Your email address will not be published.