বাইহাটা চাৰিআলীৰ বামা গাঁৱৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁই থানত চাৰিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা উৎযাপন ……..

কামৰূপ জিলাৰ বাইহাটা চাৰিআলীৰ বামা গাঁৱৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁই থানত ৪,৫,৬ আৰু ৭ মে চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মনসা পূজা উৎযাপন কৰা হৈছে।

বামা গাৱৰ বুঢ়া গোসাঁই থানৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মনসা পূজাৰ এইবেলি ৫০ তম বৰ্ষত ভৰি দিলে। যোৱা দুটা বছৰে কভিড মহামাৰীৰ বাবে উৎযাপন কৰিব পৰা নাছিল পূজা পৰিচলনা সমিতিয়ে।দুৰ -দুৰণিৰ পৰা বহু ভক্ত প্ৰাণ ৰাইজে মা মনসাৰ শ্ৰী চৰণত সেৱা লবলৈ ভিৰ কৰে ।

বলি বিধান প্ৰথা অতিজৰে পৰা চলি আহিছে বুঢ়া গোসাঁইৰ থানৰ মনসা পূজাত । বহু ভক্ত প্ৰাণ ৰাইজে মা মনসাৰ নামত নিজৰ নিজৰ মনৰ আশা পূৰণৰ হেতু হাঁহ -পাৰ ছাগলী মহ আদি উচৰ্গা কৰে ।

Related Articles