Breaking

কলাইগাওঁ সমষ্টিৰ বায়ুসেনাৰ প্ৰাক্তন সৈনিক মন্থিৰ বড়াৰ মৃত্যু…

0 67

কলাইগাওঁ সমষ্টিৰ লক্ষীমপুৰ গাৱৰ নিবাসী বিশিষ্ট সমাজ কৰ্মী, ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক, শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় মহলীয়াপাৰা দৰঙৰ প্ৰাক্তন অধ্যক্ষ, আৰু একে  বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, লগতে  এগৰাকী আদৰ্শ শিক্ষক তথা এগৰাকী স্পষ্টবাদী ব্যক্তি মন্থিৰ বড়াৰ (৮১)  মৃ্ত্যুত অঞ্চলজুৰি শোকৰ ছা পৰে  ৷

তেও বহুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও ডাক্তৰৰ পৰামৰ্শ অনুসৰি ঘৰতে চিকিৎসাধীন হৈ আছিল ৷  তেখেতৰ মৃত্যুত তেওঁ প্ৰতিষ্ঠা কৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ লক্ষীমপুৰ প্ৰাথমিক শাখাৰ সংগী বৃন্দই শেষ শ্ৰদ্ধা জনোৱাৰ উপৰি   লক্ষীমপুৰ মীন মহল কমিটি, শ্ৰীমন্তশঙ্কৰদেৱ সংঘ দৰং জিলা শাখা, শ্ৰীমন্তশঙ্কৰদেৱ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,

ৰামগাও বিষ্ণুজ্যোতি প্ৰাথমিক শাখা, কাইঠপাৰা প্ৰাথমিক শাখা, মধ্য মঙলদৈ আঞ্চলিক শাখা, লক্ষীমপুৰ গেছ এজেন্সী, অৱসৰী বায়ুসেনা সন্থা দৰং জিলা শাখাৰ সভাপতি সম্পাদক, বুঢ়াখাট প্ৰাথমিক শাখা, স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ বড়াই দুগৰাকীকৈ পত্নী এগৰাকী জী জোৱাই আৰু আত্মীয় স্বজনক এৰি যায় ৷

Leave A Reply

Your email address will not be published.