Breaking

শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে – মন্ত্ৰী কেশৱ মহন্ত…

0 47

শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে – মন্ত্ৰী কেশৱ মহন্ত
লক্ষ্য নৱগঠিত কাজিৰঙা লোকসভা সমষ্টি
সমাগত লোকসভা নিৰ্বাচনৰ ৰণডংকা আৰম্ভ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা

কংগ্ৰেছী নেতাৰ আগলৈ সোঁত বব অগপলৈ। শীঘ্ৰে অগপত যোগদান কৰিব বহু কংগ্ৰেছীয়ে। কলিয়াবৰত কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। কলিয়াবৰত অনুষ্ঠিত হ’বলগীয়া অগপৰ বুথ সন্মিলনৰ যাবতীয় কাম-কাজৰ তদাৰক কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


দেশৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে-লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। অসমো তাৰ ব্যতিক্ৰম নহয়। পিচে পৰি ৰোৱা নাই অসম গণ পৰিষদ। অসম গণ পৰিষদৰ কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ ১০ টা বিধানসভা সমষ্টিৰ বুথ সন্মিলন , সন্মিলনত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা¸ ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু নেতা-কৰ্মী।

কাজিৰঙা লোকসভা সমষ্টিত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো প্ৰায় নিশ্চিত-এই দাবী কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। ইতিমধ্যে¸ কাইলৈ অনুষ্ঠিত হ’বলগা বুথ সন্মিলনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। মন্ত্ৰী কেশৱ মহন্তই নিজে সমগ্ৰ বিষয় তদাৰক কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.