Breaking

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিদেশৰ বহু নেতা, সন্ধিয়া অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিৰ নৈশভোজত…

0 24

৯ জুনৰ সন্ধিয়া ৬ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰণ কৰিব নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই। শপতগ্ৰহণ অনুষ্ঠালৈ আমন্ত্ৰণ জনোৱা হৈছে বিদেশৰ বহু নেতাক। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণৰ দিন ৯ জুন নিৰ্ধাৰণ কৰা হৈছে। কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মোদীক প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। শপতগ্ৰহণ অনুষ্ঠানলৈ ভাৰতৰ চুবুৰী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু কেইগৰাকী নেতাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।

ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি কথা দিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজু, ছিচিলিৰ উপ- ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে উপস্থিত থাকিবলৈ আমন্ত্ৰণ গ্ৰহণ কৰিছে। দেওবাৰে সন্ধিয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা নৈশ ভোজতো বিদেশৰ নেতাসকলে অংশগ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.