Breaking

নাজিৰা নগৰৰ ১৫ লাখ টকীয়া উপ পথ নিৰ্মাণত ব্যাপক আসোঁৱাহ

0 71

নাজিৰা

 দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ যে কেতবোৰ কামকাজৰ ফুপুলা স্বৰূপ উদঙাই আহিছে সেয়া সেই দলটোৰে শাসনত থকা নাজিৰা পৌৰসভাৰ অন্তৰ্গত হোৱা গৰিষ্ঠ সংখ্যক কামৰ আসোঁৱাহ হোৱাৰ লগতে আৱণ্টিত সিংহভাগ ধন গো-গ্ৰাসে গিলাৰ অভিযোগেই বিদ্যমান। অভিযোগ অনুসৰি সদ্য কাৰ্যকিল সমাপ্ত হোৱা বি জে পি নেতৃত্বাধীন নাজিৰা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত ৰূপায়ণ কৰা কাম তথা উপ পথ, পকী নলা, নলাৰ শ্লেপ, ডাষ্টবিন নিৰ্মাণ-ক্ৰয় আদিকে ধৰি কেতবোৰ উন্নয়নমূলক কাম ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হয়৷ ইয়াৰ এটি জলন্ত নিৰ্দশন হিচাপে নাজিৰা নগৰৰ ৯, ১০ নং ৱাৰ্ডৰ মাজৰ ফুলেশ্বৰী সন্দিকৈ পথটো পকীকৰণ আৰু পকী নলাসহ শ্লেপ নিৰ্মাণ কৰাৰ বাবে বিগত পৌৰসভাৰ কাৰ্যকালতে প্ৰায় ১৫ লাখ টকি অনুমোদন জনাই আৰু এই কামৰ দায়িত্ব জনৈক দত্ত উপাধিৰ এজন ঠিকাদাৰক ন্যস্ত কৰে৷ বিগত সময়ছোৱাত প্ৰাক কলন মৰ্মে পথটো যিমান ওখ কৰি পকীকৰণ কৰিব লাগিছিল, কিন্তু কাৰ্য ক্ষেত্ৰত মাত্ৰ ছয় ইঞ্চি মানহে ঢেলাই দি নিৰ্মাণ কৰা হ’ল অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি। তদুপৰি পথটোৰ মাজেৰে দুফুটমান বহল কৰি পকী নলা আৰু শ্লেপ দি নিৰ্মাণ কৰা হ’ল যদিও নলা প্ৰায় এফুটমানহে দ’ আৰু শ্লেপসমূহ মাজে মাজে ৰডৰ পৰিৱৰ্তে বাঁহৰ কামী দি নিৰ্মাণ কৰাৰ ফলত পথ নিৰ্মাণ সম্পূৰ্ণ ন’হওতেই ভাঙি যোৱা পৰিলক্ষিত হৈছে৷ ইফালে পথটোৰ দুয়োমূৰে প্ৰায় ৫-৬ মিটাৰ মান নলাৰ লগত সংলগ্ন কৰি সংশ্লিষ্ট ঠিকাদাৰে খান্দি ৰাখি থোৱাত বৰ্তমান জনগণে যানবাহনকে ধৰি চাইকেললৈও যাতায়াত কৰিবলৈ যমৰ যাতনা ভোগ কৰিব লগাত পৰিছে৷ পথটো এনেদৰে অপৰিপক্কভাৱে নিৰ্মাণ কৰাত আৰু দুয়ো পাৰে নলা খান্দি উদংভাৱে ৰাখি থোৱাৰ ফলস্বৰূপে অলপতে সময় মতে চিকিৎসালয়লৈ আনিব নোৱাৰাৰ বাবে অঞ্চলটোৰ এজন সৰবৰাহী ব্যক্তি তথা অ’ এন জি চিৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ অকালতে মৃত্যুমূখত পৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে৷ ৰাইজে উক্ত পথটোৰ লগতে নলা আৰু শ্লেপ নিৰ্মাণ কাৰ্য উচিত তদন্ত কৰি ক্ষীপ্ৰতাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমা প্ৰশাসন কৰ্তৃপক্ষক দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.