Breaking

মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো দেশৰ বহু নেতা-নেত্ৰী…

0 21

নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধানমন্ত্ৰী।এনডিএৰ মিত্ৰ দলসমূহে পূৰ্ণ সমৰ্থন বাহাল ৰখাৰ পিছতে মোদীয়ে ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে।ইতিমধ্যে শপতগ্ৰহণৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পূৰ্বৰ দৰেই মোদীৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি ভাৰতৰ কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনাব পাৰে বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া বিদেশী নেতাসকলৰ ভিতৰত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে কৈছে যে মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । লগতে কৈছে যে বিক্ৰমসিংহেয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু মোদীক বিজয়ৰ বাবে ফোনযোগে অভিনন্দন জনাইছে। আনহাতে, মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতেও ফোনত বাৰ্তালাপ কৰে। লগতে তেওঁক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়। কূটনৈতিক সূত্ৰত এই কথা প্ৰকাশ। ইয়াৰ উপৰি নেপালী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথক মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব। মোদীয়ে প্ৰচণ্ডৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ।

সূত্ৰ মতে, ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰসমূহ বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে মোদীৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত চাৰ্ক গ্ৰুপৰ (দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংস্থা) দেশসমূহৰ নেতাসকল উপস্থিত আছিল । সেই সময়ত তেওঁ বিজেপিৰ বাবে এক বৃহৎ নিৰ্বাচনী বিজয়েৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল।

আনহাতে, ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিমষ্টেক দেশসমূহৰ নেতাসকল উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.