Breaking

দৰং ৰত্ন অতুল চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস

0 2,219

মাৰৈ -বিজুলীবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  তথা দৰং ৰত্ন অতুল চন্দ্ৰ বৰুৱা স্মৃতি দিৱস ২৫ ডিচেম্বৰত মাৰৈ -বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে মাৰৈ -বিজুলীবাৰী শাখা সভাৰ সভাপতি চাহজামাল হ’কে । বন্তি প্ৰজ্বলন কৰে অৱসৰী বিষয় শিক্ষক  আলতাফ বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে  শাখা সভাখনৰ উপ সভাপতি ভদ্ৰকান্ত ডেকাই ।

পুৱা ১০’৩০ বজাত দৰং জিলা সাহিত্য সভাৰ  সভাপতি শৈলেন কুমাৰ ৰাজবংশীৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে দুনী শাখা সাহিত্য সভাৰ সভাপতি কৰুণা কান্ত ভট্টই। দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতামানন্দ গোস্বামী আৰু মাৰৈ -বিজুলীবাৰী শাখা সাহিত্য সভাৰ সম্পাদক বিজুফুকন বৰুৱাই আঁতধৰা সভাত নিদ্দিষ্ঠ বক্তা ৰূপে উপস্থিত থাকি দৰং ৰত্ন অতুল চন্দ্ৰ বৰুৱা দেৱৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ত বক্তব্য আগবঢ়াই কলাইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা শ্বাশ্বতী শৰ্মা দেৱীয়ে । সভাত মাৰৈ -বিজুলীবাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰাজি কৃতি শিক্ষকৰ বঁটা প্ৰাপক এম,হাফিজ আলি ,শাখাৰ সভাৰ সভাপতি চাহজামাল হ’ক ,অৱসৰী বিষয় শিক্ষক  আলতাফ বৰুৱা ,অৱসৰী শিক্ষক হৰি বড়া আদি উপস্থিত থাকি বক্তব্য আগবঢ়াই। সভাত ২৫ গৰাকী অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্ৰহণ কৰা ব্যক্তিক প্ৰমান পত্ৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.