আজি মৰাণ ঊষাপুৰস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে তৰা চিঙা বিহু কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হৈছে । ১৩০০ শতিকাতে আৰম্ভ হোৱা ঐতিহাসিক বিহুখন কালক্ৰমত বিলুপ্তি হ’বলৈ ধৰে যদিও মৰাণৰ কেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত পুনৰ তৰা চিঙা বিহু উদযাপন কৰা হৈছে ।স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰথমে কলিয়াবৰ বিহু দেৱতা আনিবলৈ গৈ তাত বিহু দেৱতাক নাপায় চাৰি জোপা তৰাকে দোলাত আনি বিহুবৰত তৰা চিঙা বিহু অনুষ্ঠিত কৰিছিল ।কাল ক্ৰমত এই বিহু হেৰাই গৈছিল যদিও মৰাণৰ অঞ্জলী চেতিয়াই পিতাম্বৰ টাইৰাই গগৈৰ লিখনি অনুসৰি মৰাণত অনুষ্ঠিত কৰিবলৈ লয় তৰা চিঙা বিহু।আজি বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতে তেনে পৰম্পৰাৰে মৰাণত বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে তৰাগছ আনি পৰম্পৰা অনুসৰি স্থাপন কৰি আজিৰে পৰি আনুষ্ঠানিক ভাৱে বিহু আৰম্ভ কৰে ।
তৰা চিঙা বিহুৰ হ’ল ৰঙালী বিহুৰ মাতৃ স্বৰূপা।এই বিহুৰ লগত সংগতি ৰাখি উদযাপন সমিতিৰ সভাপতি অসীম বৰুৱা সভাপতিত্বত অনুষ্ঠিত হয় বিহুৰ সন্দৰ্ভত এক আলোচনাচক্ৰ। আধুনিকতাৰ ধামখুমীয়াত বিহু শীৰ্ষক আলোচনাচক্ৰত নিৰ্দিষ্ট বক্তাৰ হিচাপে বক্তব্য ৰাখে-লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈয়ে।এই আলোচনাচক্ৰত আপকু’ৰ উদদেষ্টা শোভিত কুমাৰ ছেত্ৰী,জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে বাছা বৰা,কৰুণা ফুকন,মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ,মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্ত, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।এই অনুষ্ঠানতে অসম গৌৰৱ বঁটা প্ৰাপক কাজী শিপিনী হেমপ্ৰভা চুতীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক তথা মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ গিৰিণ ফুকনক বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। সন্ধিয়া চ্যুকাফাৰ প্ৰতিছবি সন্মূখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে মৰাণৰ কেইবাজনো প্ৰতিষ্ঠিত কন্ঠ শিল্পী দ্বাৰা গীতৰ শৰাই পৰিবেশনেৰে বিহু আৰম্ভণি জীপাল কৰি তোলে।উল্লেখ্য যে-অহা ৭ বহাগত এই বিহু সামৰণি পৰিব।