Breaking

উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী ও স্থানীয় বিধায়কলৈ আহ্বান মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ।

0 590

সমগ্ৰ ৰাজ্যজুৰি আৱ্যাহত থকা ক’ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।তেখেতৰ নেতৃত্বতে অসমে উন্নতি শীখৰত আৰোহন কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰিছে | আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ হৈ সভাপতি জাহ্নুশ্যাম সোনোৱালে  শীঘ্ৰেই “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” মুকলি কৰি মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক সংকট দুৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰক শীৰ্ঘ্ৰে আলোচনা কৰিবলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে | উল্লেখ্যে যে – বিগত কেইবাবছৰ ধৰি মাৰ্ঘেৰিটা অৰ্থনীতি মূল ভেঁটি স্বৰূপ মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ” বন্ধ হৈ আছে। ই মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰৰ তিনিচুকীয়া জিলাৰ অৰ্থনীতিত  ই এক ঋণাত্মক কাৰক প্ৰভাৱ পেলাইছে। মাৰ্ঘেৰিটাৰ প্ৰায় সংখ্যক ব্যক্তি প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাৱে  উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। কয়লা উদ্যোগ বন্ধ পৰিপেক্ষিতত ক’ৰোনা ভয়াবহ মহামাৰীৰ সময়ত অঞ্চলবাসীয়ে এমুঠি অন্ন,এটি বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতি সন্মুখীন হৈছে ।সেয়েহে ছাত্ৰ সংগঠনটোৰ নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলীলৈ আহ্বান জনাইছে | ক’ৰোনা  মহামাৰীৰ শেষ হোৱাৰ লগে লগেই পোন প্ৰথমেই মাৰ্ঘেৰিটাৰ “উত্তৰ পূৱ কয়লা ক্ষেত্ৰ”ৰ মুকলিৰ বাবে ব্যবস্থা গ্ৰহণ কৰি, পুনৰ পূৰ্বৰ দৰে কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক আৰু মাৰ্ঘেৰিটাৰ অৰ্থনৈতিক দিশটো পুনৰ জীৱিত কৰি মাৰ্ঘেৰিটাৰ দুৰ্ভগীয়া পৰিয়ালৰ মাজত হাঁহিৰ খলকনি সৃষ্টি কৰক। কিন্তু এই ক্ষেত্ৰত কয়লা অবৈধ খনন যাতে নহয় ইয়াৰ বাৱে বিভাগীয় কতৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব লাগিব। ক’ৰোনা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা  আৰ্থিক ভাৱে দুৰ্বল পৰিয়াল সমূহক ক্ষতিপূৰণ দিবলৈয়ো ছাত্ৰ সংগঠনটোৱে চৰকাৰলৈ আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.