Breaking

বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে মাৰ্কান্দ দেওচকৰ কাৰ্যভাৰ গ্ৰহণ…

0 24

সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে ১০ জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া মাৰ্কান্দ দেওচকৰে। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৯৭ বেটছৰ মধ্য প্ৰদেশ কেডাৰৰ বিষয়া মাৰ্কান্দ দেওচকৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বি এছ এফত ডেপুটেছনত আহিছিল তাৰ পাছত গুৱাহাটীত নিযুক্তি দিয়াৰ আগলৈকে তেওঁ বি এছ এফৰ ৰাজস্থান ফ্ৰন্টিয়াৰৰ দায়িত্বত আছিল।

তাৰ পূৰ্বে তেওঁ মধ্য প্ৰদেশৰ মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু মধ্য প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ ( চি আই দি) ৰ মহা পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনকি মধ্য প্ৰদেশৰ ৰাজধানী চহৰ ভূপালৰ প্ৰথম গৰাকী আৰক্ষী আয়ুক্ত হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত গুৱাহাটী ফ্ৰন্টিয়াৰৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হৈ গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত পৰা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মহা পৰিদৰ্শক গৰাকীয়ে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বাহিনীৰ মাজত সম্পৰ্ক অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.