Breaking

গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…

0 22

ভীমবৰ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আদৰ্শ স্বৰূপ, অক্লান্ত  ৰণোৱা ৷ ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনক আমি পাহৰি পেলালে নহ’ব ৷  মোগলৰ হাতৰ পৰা অসমক যিদৰে  লাচিত বৰফুকনে ৰক্ষা কৰিছিল  ঠিক এইদৰে   ভীমবৰ দেউৰীয়ে পূৱ পাকিস্তানৰ কবলৰ পৰা  অসমক ৰক্ষা কৰিছিল ৷ তেওঁ   অসমৰ বনজ সম্পদৰ সুৰক্ষা আৰু খিলঞ্জীয়া অস্তিত্বৰ কথাও চিন্তা কৰিছিল ৷  এই গৰাকী  নেতাৰ আদৰ্শ আৰু  দৰ্শনক আমি জীয়াই ৰখাৰ  সময় সমাগত । ভীমবৰ দেউৰীক সাধাৰণ মানুহে চিনি পাবলৈ ভীমবৰ দেউৰীৰ বিষয়ে অধিক প্ৰচাৰ-প্ৰসাৰৰ  প্ৰয়োজন আহি পৰিছে । ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত চিনেমা নিৰ্মাণ কৰিব লাগে ।  অসমৰ ৰাজধানী বা জিলা সদৰ ঠাইত ভীমবৰ দেউৰীৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণ কৰিব লাগিব ।  এই মন্তব্য ভীমবৰ দেউৰী বঁটা প্ৰাপক তথা বিশিষ্ট ভাষাবিদ ড° ভীমকান্ত বৰুৱাৰ । দেউৰী জাতীয় পৰিষদ, অসমৰ উদ্যোগত, ধেমাজি জিলা সমিতি আৰু গোগামুখবাসীৰ  সহযোগত কালি গোগামুখত উদ্‌যিপন কৰা ১২১ সংখ্যক জননেতা ভীমবৰ দেউৰীৰ জন্মজয়ন্তী উপলক্ষে মুকলি সভাত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি ড° বৰুৱাই এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়- ভীমবৰ দেউৰী কেৱল এগৰাকী বিদগ্ধ ৰাজনীতিবিদেই  নাছিল, তেওঁ এগৰাকী আছিল  নমস্য অধিবক্তাও আছিল ৷  অসমৰ পিছপৰা জনগোষ্ঠীসমূহৰ মনৰ মাজত সিঁচৰিত হৈ থকা  থকা অন্ধকাৰৰ   অৱসান ঘটাই তেওঁলোকক  কেনেকৈ উন্নতিৰ  পথলৈ অৱস্থালৈ নিব পাৰি তাৰ বাবে কাম কৰিছিল ৷  পিছপৰা জনগোষ্ঠীসমূহক ৰাজনৈতিক আৰু সামাজিকভাৱে একত্ৰ কৰি আগবঢ়াই নিয়াৰ  লগতে সামগ্ৰিকভাৱে বিকশিত অসমৰ সপোন দেখিছিল তেওঁ ৷ 

তেওঁ আছিল  অতি সাহসী, নির্ভীক আৰু অধ্যয়নশীল ব্যক্তি । ইয়াৰ  উৎকৃষ্ট প্রমাণ পোৱা যায়,  যেতিয়া তেওঁ ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৱেডেলক অসমৰ বনজ সম্পদৰ কাঠৰ ৰয়েলিটি সর্ম্পকে দাবী জনাইছিল । তদানীন্তন অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ৰ নেতৃত্বত ১৬ জনীয়া বিধান পৰিষদৰ  দল এটা দিল্লীত উত্থাপন কৰিবলৈ  যাত্ৰা কৰিছিল । ভাৰবৰ্ষৰ গৰ্বণৰ জেনেৰেলৰ লগত হোৱা সভাত গৱৰ্ণৰ জেনেৰেল গৰাকীয়ে অসমৰ প্ৰধান মন্ত্ৰীৰ পৰা বনজ সম্পদ কাঠ বিচাৰে । কিন্তু অসমৰ বনজ সম্পদ দিল্লীক দিয়া নহ’ব বুলি ভীমবৰ দেউৰীয়ে বাধা দিছিল ৷ ড° বৰুৱাই লগতে কয়- ৪৪ বছৰ বয়সত ভীমবৰ দেউৰীৰ  গুৰুতৰ বেমাৰ হোৱাত  চৰকাৰী ধন অপচয় হ’ব বুলি জানি মন্ত্ৰিত্ব পদ ইস্তাফা দিছিল চিকিৎসালয়ত ভৰ্ত্তি হৈছিল  ৷ এনে এগৰাকী মহান পুৰুষক ৰজাঘৰীয়া পাহৰি যোৱাটো বৰ দুখৰ বিষয় বুলি তেওঁ দোহাৰে ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকা  সদৌ অসম দেউৰী ছাত্ৰ সন্হাৰ উপদেষ্টা  ললিত কুমাৰ দেউৰীয়ে কয় ভীমবৰ দেউৰী জনগোষ্ঠীৰ মাজত জন্ম হ’লেও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাম কৰিছিল । প্ৰাক্‌  স্বাধীনতা কালতে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। ভীমবৰ দেউৰীৰ দৰ্শন আৰু প্ৰাসঙ্গিকতিখিনি আজি আখৰে আখৰে পালন হৈছে। ভীমবৰ দেউৰীয়ে তেতিয়াই স্বগোষ্ঠী আৰু নিগোষ্ঠীৰ মুক্তিৰ কথা চিন্তা কৰিছিল । কিন্তু এইগৰাকী ভীমবৰক ৰজাঘৰীয়াই  প্ৰচাৰ-প্ৰসাৰৰ ব্যৱস্থা নকৰাটো দুৰ্ভাগ্যজনক বুলি তেওঁ দোহাৰে ৷ কালি পুৱাৰে পৰা নিশালৈকে অনুষ্ঠিত হোৱা ১২১ সংখ্যক ভীমবৰ দেউৰীৰ জন্মজয়ন্তীত পূৱা পতাকা উত্তোলন কৰে দেউৰী জাতীয় পৰিষদ, অসমৰ সভাপতি ৰাজু দেউৰীয়ে ।

স্মৃতি তৰ্পন‌ কৰে সম্পাদক হৰিগোবিন্দ দেউৰীয়ে ।  জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মাংগলিক অনুষ্ঠান ৰূপায়ন কৰে স্থ দেউৰী পূজাৰীসকলে । গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ  বৰদেউৰীয়ে ।  ১২১ সংখ্যক ভীমবৰ দেউৰীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি “বৰ্তমানৰ প্ৰেক্ষাপটত জননেতা ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনৰ প্রাসংগিকতা ৷’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷  দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কিৰণবন দেউৰীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰত আলোচক হ হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, তাই ভাষাৰ গৱেষক ড° পুষ্প গগৈ,  প্ৰবীণ সাংবাদিক, সাহিত্যিক উমেশ চেতিয়া,  বিশিষ্ট লেখিকা কৰবী দেউৰী, লীলা দেউৰী, টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং আদিয়ে ৷ ইয়াৰ পাছত  দেউৰী জাতীয় পৰিষদৰ সম্পাদক হৰিগোবিন্দ দেউৰীয়ে আঁত ধৰা মুকলি সভাত পৌৰহিত্য কৰে দেউৰী জাতীয়ৰ পৰিষদৰ  কেন্দ্ৰীয় সভাপতি ৰাজু দেউৰীয়ে ।  সভাখন উদ্ধোধন কৰে  দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে ৷  আদৰণি ভাষণ আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি ভৰত দেউৰীয়ে । মুকলি সভাত ‘জননেতা ভীমবৰ দেউৰীৰ জন্ম জয়ন্তী উপলক্ষে সাংবাদিক ৰাজীৱ  দেউৰীৰ সম্পাদনাত প্ৰকাশিত  স্মৃতিগ্রন্থ  উন্মোচন কৰে চিকিৎসক ডাঃ পৰমানন্দ দেউৰীয়ে ।  বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দেউৰীয়ে আদিয়ে ৷ অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা কেশৱ দেউৰী, ভাস্কৰ দেউৰী, মহিলা নেত্ৰী ইনু দেউৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শশাংক দেউৰী,  জিন্তুচান দেউৰী, দেৱকান্ত দেউৰী, গোগামুখ দেউৰী উন্নয়ন সমিতিৰ সভাপতি শিৱ কুমাৰ দেউৰী, আদছুৰ  সম্পাদক তপন দেউৰী,সমাজ সেৱক ৰাজেন শ‌ইকীয়া, কেশৱ কছাৰী আদিয়ে।

Leave A Reply

Your email address will not be published.