Breaking

কেদাৰনাথ মন্দিৰৰ গান্ধী সৰোৱৰত ব্যাপক হিমস্খলন

0 20

দেওবাৰে কেদাৰনাথৰ গান্ধী সৰোবৰৰ ওপৰত ব্যাপক হিমস্খলন সংঘটিত হয়।ঢালৰ পৰা হুৰহুৰাই তললৈ নামি অহা হিমস্খলনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। দেওবাৰে পুৱা প্ৰায় ৫ বজাত কেদাৰনাথ ধামৰ পিছফালে অৱস্থিত বৰফৰ পাহাৰত হিমস্খলন সংঘটিত হয়।পাহাৰৰ পৰা বৰফ যথেষ্ট নামি আহিল আৰু পাহাৰৰ পৰা বৰফৰ ধূলি উঠিবলৈ আৰম্ভ কৰে।ইয়াৰ ফলত কেদাৰনাথত আলোড়নৰ সৃষ্টি হয়। যথেষ্ট সময় ধৰি হিমস্খলন চলি থাকিল।কিন্তু এই পাহাৰত হিমস্খলন হোৱাটো অস্বাভাৱিক নহয়।

দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে জনোৱা মতে, কেদাৰনাথৰ ছেক্টৰ বিষয়াই দেওবাৰে পুৱা গান্ধী সৰোৱৰৰ ওপৰত অৱস্থিত পাহাৰত হিমস্খলন সংঘটিত হোৱাৰ খবৰ দিয়ে।কিন্তু এই হিমস্খলনৰ ফলত কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।এই পাহাৰত সময়ে সময়ে এনে হিমস্খলন ঘটে বুলি তেওঁ উল্লেখ কৰে। “যথেষ্ট বৰফ পৰিলে এনে ঘটনা সংঘটিত হয়।ইয়াৰ কোনো ক্ষতি নহয়।”

Leave A Reply