স্বাধীনতাৰ ৭৫বছৰীয়া অমৃত মহোৎসৱ পালনৰ সময়তে অসম আৰক্ষী বহিনীক স্বীকৃতি ভাৰতৰ ৰাষ্ট্ৰপতিৰ :উক্ত স্বীকৃতিকলৈ অসম আৰক্ষী বাহিনীয়ে ডি আই জি আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰীৰ পৰা শদিয়ালৈ বৃহৎ বাইক ৰেলী আজি নামনি অসমৰ ধুবুৰী ,কোকৰাঝাৰ, চিৰাং,আৰু বঙাইগাঁও জিলাত উপস্থিত বাইক ৰেলী।যুগ যুগ ধৰি ভাৰতীয় গৃহমন্ত্ৰনালয়ৰ অস্বীকৃত হৈ থকা উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ আৰক্ষী বাহিনীৰ এইবাৰ স্বাধীনতাৰ ৭৫বছৰীয়া অমৃত মহোৎসৱ পালন কৰাৰ সময়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষী বহিনীক স্বীকৃতি দিয়া অৰ্থাৎ অসম আৰক্ষী বাহিনীৰ পতাকাখন নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ বিভাগে পঞ্জীয়নভুক্ত কৰে ।সেয়েহে অসমৰ আৰক্ষী বাহিনীয়ে ৰাজ্যৰ ধুবুৰীৰ পৰা শদিয়া লৈ এক আনুষ্ঠানিকভাৱে বিভিন্ন ধৰণৰ ৰাজহুৱা কাৰ্য্যসূচী পালন কৰে আজিৰ পৰা।প্রাপ্ত বাতৰিমতে আজি নামনি অসমৰ ধুবুৰী জিলাত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতত ডি আই জি তথা আই পি এছ আনন্দ মিশ্ৰৰ নেতৃত্বত এক বৃহৎ বাইক ৰেলী উলিয়ায় ।আৰু ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্যাগত অনুষ্ঠিত হোৱা এক সভাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু ডি আই জি আনন্দ মিশ্ৰকে ধৰি কেইবাজনো সাধাৰণ জনতাৰ নেতৃবৃন্দই এক সাৰুৱা ভাষণ দিয়ে। ইয়াৰ পিছত ডি আই জি আনন্দ মিশ্ৰৰ নেতৃত্বত পৰিচালিত বাইক ৰেলীৰ ফ্লেগ অন কৰে আৰক্ষী সঞ্চালক প্ৰধানে।
দলটোৱে কোকৰাঝাৰ জিলা হৈ চিৰাং তাৰ পৰা বঙাইগাঁও জিলাত আহি উপস্থিত হয়।বঙাইগাঁৱৰ পৰা আজি ৰাওনা হ’ব দলটো।