Breaking

ধিঙৰ কটহগুৰিত ভয়াবহ অগ্নিকাণ্ড ! জুইত জাহ গ’ল কুৰি খন গৃহ…

0 42

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টুকটুকীৰ কটহগুৰিত আজি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, নিশা প্ৰায় ২ মান বজাত প্ৰথমে এটা গৃহত জুইৰ সুত্ৰপাত আৰাম্ভ হয়।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় ৩০ মিনিট পলম কৈ ধিং আৰু বটদ্ৰৱাৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই নুমাবলৈ সক্ষম নহ’ল। ঘটনা স্থলীত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৰিগাঁও আৰু মৈৰাবাৰীৰ অগ্নিনিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় এক ঘন্টা পলম কৰি আৰু দুখন গাড়ী আহে।

মুঠতে একেৰাহে দুই ঘন্টা জুই জ্বলাৰ পিছত চাৰিখন গাড়ীয়ে জুই নুমাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁ বুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত একাংশ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।আজিৰ এই অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰ বাবে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ৰমজান আলী,আজিবা খাতুন,শ্বমলা খাতুন,আক্কাছ আলী, নজৰুল ইছলাম,মুছতাফা আহমেদ, শ্বৰীফুল ইছলামকে আদি কৰি প্ৰায় ১৫ জন লোকৰ প্ৰায় কুৰি টা গৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।আজিৰ এই অগ্নিকাণ্ডত নগদ দুই লাখ কুৰি হেজাৰ টকা,গৰু,ছাগলী,হাহ,কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নতি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।এতিয়া লৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই।

Leave A Reply