Breaking

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ড ! এজন কনিষ্ঠ নাৱিক সন্ধানহীন…

0 20

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুম্বাই ডক য়াৰ্ডত ৰণতৰীখনৰ ৰক্ষণাবেক্ষণৰ কাম চলি আছিল। যাৰ ফলত যুদ্ধজাহাজখনৰ এটা অংশ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইফালে এজন কনিষ্ঠ নাৱিক সন্ধানহীন হৈ পৰিছে।

জানিব পৰা মতে জাহাজখনৰ বাৰ্থৰ বাহিৰেও কেইবাঠাইতো অগ্নিকাণ্ড সংঘটিত হয় আৰু সম্প্ৰতি এপিনে হালি ৰৈছে জাহাজখন।জানিব পৰা মতে, মুম্বাইৰ নেভাল ডকয়াৰ্ডৰ উদ্যোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছত ২২ জুলাইৰ পুৱা জাহাজখনৰ বিভিন্ন দিশ পৰীক্ষা কৰা হয়।

আনহাতে, ঘটনা সন্দৰ্ভত তদন্তৰো নিৰ্দেশ দিয়া হৈছে। নৌসেনাই কয় যে এজন কনিষ্ঠ নাৱিকৰ বাহিৰে সকলো কৰ্মীৰ হিচাপ লোৱা হৈছে, যাৰ অনুসন্ধান চলি আছে। ভাৰতীয় নৌসেনাক এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

Leave A Reply

Your email address will not be published.