Breaking

মাজগাঁওত ভয়ানক অগ্নিকাণ্ড ! ঘটনাস্থলী পৰিদৰ্শন ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ…

0 15

মাজগাঁওত ভয়ানক অগ্নিকাণ্ডঃ ভষ্মীভূত সকলো সামগ্ৰী । ঘটনাস্থলী পৰিদৰ্শন কৰিলে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানে । বৰপেটা জিলাৰ পাকাবেত বাৰী সমষ্টিৰ অন্তৰ্গত মাজগাওঁ পশ্চিম পাৰা গাঁওৰ ছোৰহাব আলী মৌলবীৰ ঘৰত অগ্নিকাণ্ডত সংঘটিত হৈ যায় । উক্ত অগ্নিকাণ্ডত ছোহৰাব আলীৰ ঘৰৰ সা-সামগ্ৰী ভষ্মীভূত হৈ বিস্তৰ ক্ষতি সাধন হয় । পিন্ধনত লুঙী আৰু গেঞ্জিৰ বাহিৰে সকলো জাহ যায় ভয়ানক অগ্নি কাণ্ডত ।

অগ্নি কাণ্ডত জাহ যোৱা পৰিয়ালটোক সহায় কৰিবলৈ ইতিমধ্যে মাজগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলা সকলৰ গ্ৰাম্য সংস্থা ক্ৰমে চিত্ৰলেখা, কৌটিল্য, প্ৰতীক্ষা আৰু যমুনা নামৰ সংস্থা কেইটাগ আগবাঢ়ি আহে । উক্ত সংস্থা কেইটাই অগ্নিৰ লেলিহান শিখাই ভষ্মীভূত কৰা সৰ্বস্বান্ত ছোৰহাব আলীক পালেং, টিন পাত, ট্ৰাংক, ফেন আৰু পাক ঘৰৰ সামগ্ৰীৰ লগতে খোৱা লোৱাৰ কাৰণে চাউল ডালি আদি প্ৰয়োজনীয় সামগ্ৰী সমূহ প্ৰদান কৰে।

আজি ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ এটি সজাতি দলে অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ছোৰহাব আলী মৌলবীৰ ঘৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় আৰু সকলোকে তেওঁৰ কাষত থিয় দি দুখৰ সমভাগী হবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে উক্ত পৰিয়ালটোক আপুনিও Account No- 32366751512
IFSC :- SBIN0002099
ফ’ন পে’ 7035798024 কৰি সহায়ৰ হাত আগবঢ়াব পাৰে ।

Leave A Reply