Breaking

ধুবুৰী জিলাৰ মাটিফাটা শালকাটা পথ নিৰ্মাণত ব্যাপক অনিয়ম

0 566

ধুবুৰী জিলাৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ টকা আৱণ্টন দিছিল৷ উল্লেখ্য য়ে, এই একেটা পথ অৰ্থাৎ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ যোৱা পথটোৰ বাবে দুনাই গড়কাপ্তানী বিভাগটোৱে SOPD আঁচনিৰ অধীনত ২০১৯/২০ বিত্তীয় বৰ্ষত মেৰামতিৰ বাবে প্ৰায় ৬৭ লাখ টকা আৱণ্টন দিয়া পৰিলক্ষিত হয়৷ এই কামটোৰ ঠিকা লাভ কৰে আহমেদ নুৰ আলম নামৰ এজন ব্যাক্তিয়ে৷  এই কামটো কৰাৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰ দুজনৰ ভিতৰত এজনেও সঠিক ভাবে কাম নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে৷ কিন্ত বৰ পৰিতাপৰ বিষয় য়ে চৰকাৰে এটা ৰাস্তাৰ বাবে বছৰে বছৰে ইমান টকা আৱণ্টন দিয়াৰ পিছতো কিয় সঠিক ভাবে ৰাস্তাৰ কাম নহয়৷ ৰাইজে অভিযোগ কৰা মতে ৰাস্তাৰ কাম লোৱা ঠিকাদাৰ সকলে ভালভাৱে ৰাস্তাৰ কাম নকৰে গতিকে চৰকাৰে এই ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্ত হব লাগে বুলি মত পোষণ কৰে৷ এই অঞ্চলৰ ৰাইজে কিমান কষ্ট কৰি অহাযোৱা কৰি আছে সেই দৃশ্য দেখি আপুনিও ভাবিবলৈ বাধ্য হব য়ে কি কৰি আছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সকলে৷ এই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ সকলোক চৰকাৰ তথা জিলা প্ৰশাসনে নাকি লগাব পাৰিবনে ? চৰকাৰ তথা জিলা প্ৰশাসনে এই ঠিকাদাৰ সকলোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হে হব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.