Breaking

নাজিৰাত জাতিধ্বংসী ” কা ” বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিশাল গণ প্ৰতিবাদ

0 2,023

অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই গুড়া হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বি জে পি দলক ২০২১ চনত যোগ্য প্ৰত্যুত্তৰ দিব অসমীয়া জনগণে । ইয়াৰ অংশ স্বৰূপে ২০২১চনৰ পিছত ভ্ৰষ্টাচাৰী দলটোৰ নেতা তথা সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা , শিলাদিত্য দেৱ , সত্য ৰঞ্জন বৰা সহ ভণ্ড নেতা বোৰে কাৰাগাৰলৈ যোৱাৰ প্ৰস্তুতি কৰিবৰ সময় সমাগত । এইদৰে আহ্বান তথা এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে ” কা ” বিৰোধী আন্দোলনৰ অন্যতম নেতা শৃংখল চলিহাই । আজি নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্র মুক্তি সংগ্ৰাম সমিতি , অনুসূচীত জাতি যুৱ – ছাত্র পৰিষদ , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , অসম চাহ জনগোষ্ঠী জলহা যুৱ – ছাত্র পৰিষদ , সংগ্ৰামী যুৱ – ছাত্ৰ পৰিষদ , বীৰ লাচিত সেনা , সদৌ অসম আদিবাসী ছাত্র সন্থা , ঐক্য সেনা , অসম চাহ জনজাতি ছাত্র সন্থা ( স্বতন্ত্ৰ ) ৰ  উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন -২০১৯ বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অনুষ্ঠিত ” বিশাল গণ প্ৰতিবাদী কাৰ্যসূচীত শৃংখল চলিহাই লগতে কয় যে , পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰখনে অসম আৰু অসমীয়া জাতিক নি:শেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক ২০২১ ক অসমৰ জনগণে কৱৰ দিব সেয়া নিশ্চিত । পুৱা বিগত সময়ত ” কা ” বিৰোধী আন্দোলনত অকালতে প্ৰাণ আহুতি দিয়া দীপাঞ্জল দাস , আব্দুল আলিম , ছেম ষ্টেফৰ্ড , দীজেন্দ্ৰ পাংগিং আৰু ঈশ্বৰ নায়ক এই পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলে কৃষক নেতা অখিল গগৈৰ জ্যেষ্ঠ ভগ্নী অম্বিকা গগৈয়ে । বিজয় কৃষ্ণ দুৱৰাই আত ধৰা অনুষ্ঠানত ” কা ” বিৰোধী নেতা ক্ৰমে মানস কোৱৰ , চিতু বৰুৱা , অনুপম সন্দিকৈ , ঔম প্ৰকাশ চিক , পিংকুমণি দাস , জাকিৰ আখতাৰ হুছেইন আদিকে ধৰি উক্ত সংগঠন কেইটাৰ ভালেকেইজন নেতাই বক্তব্য দাঙি ধৰি এই জনবিৰোধী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনোৱাৰ লগতে অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত অসমৰ শ্বহীদ সকলৰ প্ৰতি কৰা টুলুঙা মন্তব্যক ধিক্কাৰ দিয়ে । ইয়াৰ পিছতে সমবেত স্থলীৰ পৰা নাজিৰা নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰিজাতিধ্বংসী ” কা ” আমাক নালাগে , অমিত শ্বাহ হুঁচিয়াৰ , নৰেন্দ্ৰ মোদী , সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , বি জে পি নিপাত যাওঁক ” আদি বিভিন্ন শ্ল’গানৰ ধ্বনিৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ – বতাহ । 

Leave A Reply

Your email address will not be published.