Breaking

হাজোৰ শ্বহীদ নগেন ডেকা পঞ্চায়তত খেল মহাৰণৰ বিশাল কাৰ্যসূচীৰ শুভাৰম্ভ

0 56

ৰাজ্যত এতিয়া খেল মহাৰণৰ ধুমুহা । সৰ্বত্ৰে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হাজোৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ সৌজ্যনত খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।


খেল মহাৰনত কাৰ্যসূচীত এথলেটিক্স, কাবাদী, খো খো, ভলীবল, ফুটবল আদি খেল অনুস্থিত হয়। ক্ৰীয়াৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতী বিশেষকৈ হাজোৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ এলেকাৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলে শ্ৰেষ্ঠত্ব অৰ্জনৰ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা বুলি এক আশানুৰূপ বক্তব্য দাঙি ধৰে পঞ্চায়ত সভাপতি তৌফিকুৰ ৰহমানে।

শীৰ্ষক কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থকা পৰিলক্ষিত হৈছে।

-অনামিকা কলিতা, হাজো

Leave A Reply

Your email address will not be published.