Breaking

ৰেলৱেৰ সম্পত্তি ব্যক্তিকৰণৰ বিৰুদ্ধে গুৱাহাটী ৰেল ষ্টেচনত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ বিশাল প্ৰতিবাদী সমদল

0 2,054

ভাৰতীয় ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ এন এফ আই আৰএ  ৰেলৱেকে ধৰি দেশৰ চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশৰ আন আন ৰেল মণ্ডলৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেতো ১৫ ছেপ্টেম্বৰৰ  পৰা প্ৰতিবাদী সপ্তাহ  পালন কৰিছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে । প্ৰতিবাদী সপ্তাহৰ লগত সংগতি ৰাখি ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ১৮ ছেপ্টেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰেল ষ্টেচন পৰিসৰত এক বিশাল  প্ৰতিবাদী সমদল উলিওৱা হয় । সমদলত  ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ  প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক   নয়ন কুমাৰ বৰ্মন , গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা , শাখা সম্পাদক অৰূপ  কলিতাকে ধৰি কেবাজনো নেতা – নেত্ৰী আৰু দুই শতাধিক কৰ্মচাৰীয়ে ভাগ লয় । আনহাতে কাৰ্যসূচীত ভাগ লোৱা সকলোৱে কেন্দ্ৰীয় চৰকাৰে ৰেলৱেকে   ধৰি ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি ব্যক্তিগতকৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনকি প্ৰতিবাদী কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় , দেশৰ সম্পদ বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিল কৰক , ৰেলৱেক ব্যক্তিগতকৰণ কৰা নচলিব ধ্বনি দিয়ে । আনহাতে প্ৰতিবাদী  কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু এন এফ আই আঁৰৰ সহকাৰী সম্পাদক মুনীন্দ্ৰ শইকীয়াই  গুৱাহাটী শাখাৰ সমূহ ৰেলকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.