Breaking

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ এলেকাত বিশাল ত্ৰিৰংগা বাইক ৰেলী

0 17

দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা, দেশবাসীৰ মাজত দেশপ্ৰেমৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিধানসভা সমষ্টি ভিত্তিত দেশজুৰি আৰম্ভ হৈছে ত্ৰিৰংগা বাইক ৰেলী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ আন সমষ্টিৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ভি আই পিৰ পৰা মাজিৰগাঁৱলৈ এক বিশাল ত্ৰিৰংগা বাইক ৰেলী উলিওৱা হয়। মৰ্চাৰ গুৱাহাটী বিমানকোঠ মণ্ডল সমিতিৰ সহযোগত ভি আই পিস্থিত শ্যামভুমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা ত্ৰিৰংগা বাইক ৰেলীটো পতাকা জোকাৰি উদ্ধোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা দলৰ মেঘালয় আৰু নাগালেণ্ডৰ প্ৰভাৰী আৰু ত্ৰিৰংগা বাইক ৰেলীৰ ৰাষ্ট্ৰীয় মুৰব্বী অনিল কে এন্থনীয়ে। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত ধৰা চমু অনুষ্ঠানত বিজেপি নেতা অনিল কে এন্থনীয়ে ভাষণ প্ৰসংগত দেশজুৰি ত্ৰিৰংগা বাইক ৰেলী অনুষ্ঠিত কৰা বিষয়টোৰ আলোকপাত কৰি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মাজত দেশপ্ৰেমৰ ভাৱ উধুদ্ধ কৰাৰ বাবে সকলো নাগৰিককে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাৰ আহ্বান জনায় এই ৰেলীত ভাগ লোৱা সকলোকো শুভেচ্ছা জ্ঞাপন কৰিছে।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, গুৱাহাটী জিলা সমিতিৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাকে ধৰি কেবাজনো নেতা, বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, ৰেলীত ভাগ লোৱা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী বিমানকোঠ মণ্ডল সমিতি , বিশ্ববিদ্যালয় মণ্ডল সমিতি, জালুকবাৰী মণ্ডল সমিতি আৰু উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ যুৱ মৰ্চাৰ সভাপতি , সাধাৰণ সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। ইফালে ভি আই পিৰ পৰা ৰাণীগেট, ধাৰাপুৰ চাৰিআলি, গড়লহৈ মাজিৰগাঁওলৈ উলিওৱা ত্ৰিৰংগা বাইক ৰেলীত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যুৱ মৰ্চাৰ চাৰিওটা মণ্ডল সমিতিৰ প্ৰায় চাৰি হাজাৰ কৰ্মকৰ্তা, কাৰ্যকৰ্তা আৰু সমৰ্থকে ভাগ লয়। ৰেলীত ভাগ লোৱা সকলোৱে ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰতীয় জনতা যুৱ মৰ্চা জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।

Leave A Reply

Your email address will not be published.