৩১ জানুৱাৰী, ২০২৫ঃ May-Dum-Me-Phi celebrations at Sarupathar । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে সৰুপথাৰতো আজিৰ দিনটো “মে-ডাম-মে-ফি” উৎসৱৰ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। টাই আহোম যুৱ পৰিষদ অসমৰ ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত আৰু সৰুপথাৰ সমজিলা ৰাইজৰ সহযোগত চ্যুকাফা শিশু উদ্যানত এই পবিত্ৰ অনুষ্ঠানটি আয়োজন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে উদযাপন সমিতিৰ সভাপতি নয়নমণি ৰাজখোৱাই মে-ডাম-মে-ফিৰ পতাকা উত্তোলন কৰে। লগতে টাই আহোম যুৱ পৰিষদৰ সভাপতি ভাস্কৰজ্যোতি গোঁহায়েও টাইপাৰ পতাকা উত্তোলন কৰে। পূৰ্বপুৰুষক সোঁৱৰণ কৰিবলৈ মৈদামত তৰ্পণ আৰু বৃক্ষৰোপণৰ দৰে বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন কৰা হয়।
অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন বিশেষভাৱে উপস্থিত থাকি চ্যুকাফাৰ মূৰ্তিত মাল্যাৰ্পণ কৰে আৰু উপস্থিত সকলো লোকক পবিত্ৰ দিনটোৰ শুভকামনা জনায়।
ইয়াৰ উপৰি, কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশেষ অতিথি ৰূপে বিশিষ্ট সাহিত্যিক তথা লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাই উপস্থিত থাকি টাই সংস্কৃতিৰ ওপৰত এক মুকলি আলোচনা কৰে।
উৎসৱটিৰ অন্তত, সকলোৱে মিলিতভাৱে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ বাবে ধৰ্মীয় পৰম্পৰা অনুসৰি মাঙ্গলিক কৰ্ম সমাপন কৰে।