Breaking

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ এম ই স্কুলৰ শুভেচ্ছামুলক সভা

0 2,064

কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰিব লাগে। ইতিহাস প্ৰসিদ্ধ বাসন্তী বাকৰি অনুস্থিত ৰঙিয়া কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু শ্বহীদ সুনন্দ শালৈ এম ই স্কুলৰ শনিবাৰে অনুষ্ঠিত শুভেচ্ছা মুলক সভাত এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ জয়ন্ত কুমাৰ শৰ্মাই। ফলাফল  ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতা দেখি বিশিষ্ট শিক্ষাবিদ জয়ন্ত কুমাৰ শৰ্মাই চৰকাৰক এনে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ আওঁতালৈ আনিবলৈ অনুৰোধ কৰে।আন এগৰাকী বিশিষ্ট অতিথি বিশিষ্ট কবি শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ জৈনে এই  বিদ্যালয় সমূহেই  অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি প্ৰতিবিম্ব পাবলিকেচন আৰু এন্টাৰটেইন্টমেন্টৰ সঞ্চালক তফিকুদ্দিন আহমেদে বিদ্যালয়ৰ পৰিবেশ,পৰিপাটি আৰু শিষ্টাচাৰ দেখি উদ্বোদ্ধ হৈ পৰে।বিশিষ্ট অতিথিগৰাকীয়ে সমাগত মেট্ৰিক পৰীক্ষাত ক্ৰমে স্থান,ডিষ্টিংচন আৰু স্টাৰ পোৱা ছাত্ৰ -ছাত্ৰী সকলক বাইক,চাইকেল আৰু কিতাপ দি সহায় কৰিব বুলি আশ্বাস দিয়ে। সভাত কৃতিশিক্ষক যাদৱ কুমাৰ কলিতাৰ লগতে দশমমান শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীক শুভেচ্ছা জনোৱা হয়।বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ জনপ্ৰিয় অভিনেতা পঙ্কজ পল্লৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নৱম শ্ৰেণীৰ ছাত্ৰ ৰিকুমনি কলিতাই গীত আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰাজু কলিতাই কবিতা আবৃত্তি কৰে। শিক্ষক গিৰিজানন্দ ভট্টচাৰ্য্যই আঁত ধৰা সভাৰ আৰম্ভণি গীত শিল্পী অকন কলিতাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰে।এম ই শাখাৰ প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰে শুভেচ্ছামূলক ভাষন দিয়ে। সভাত জনপ্ৰিয় শিল্পী নিয়ৰ পৰশ আৰু তুলিকাই সংগীত পৰিবেশন কৰি পৰিবেশটো অধিক মনোগ্ৰাহী কৰি তোলে।

Leave A Reply

Your email address will not be published.