Breaking

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক…

0 22

কামৰূপ(ম ) জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয়। মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুৱ বৰা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা,স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক,আবকাৰী পৰিদৰ্শক, ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বশিষ্ঠ মন্দিৰৰ সভাপতি-সম্পাদক, শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে। বৈঠকত শাওণ মেলা সুচাৰুৰূপে পালন কৰাৰ বিষয়ে মহকুমা দণ্ডাধীশ কংকন শৰ্মাই অৱগত কৰে।

তদুপৰি মন্দিৰত স্বেচ্ছাসেৱক নিয়োগ, এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত স্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ, পাৰ্কিংৰ যথাযথ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পামহীৰ ভীমশংকৰ মন্দিৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে ভক্তসকলৰ অসুবিধা নহ’বৰ বাবে স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকে দিছপুৰ সচিবালয়,কমাৰ্চ কলেজ আৰু এছ বি দেওৰা কলেজৰ তিনিওটা স্থানত মেডিকেল কেম্পৰ ব্যৱস্থা কৰিব। জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৱিত্ৰ শাওণ মেলা শান্তিপূৰ্ণ আৰু সুশৃ্ংখলিতভাৱে পালন কৰাৰ বাবে সকলোৰে পৰা সহযোগিতা কামনা কৰ। বৈঠকত মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ সমস্যাসমুহৰ বিষয়েও অৱগত কৰে।

Leave A Reply

Your email address will not be published.