Breaking

মঠঘৰীয়াত সাহিত্য সভাৰ বৈঠক ! দুখন কাব্যগ্ৰন্থ আৰু তিনিমহীয়া পত্ৰিকা উন্মোচন…

0 19

মঠঘৰীয়াত সাহিত্য সভাৰ বৈঠকত হেমন্ত কলিতা

শাখা সভাসমুহৰ কৰ্মকৰ্তাইহে প্ৰকৃততে সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ আহিছেঃ হেমন্ত কলিতা

দুখন কাব্যগ্ৰন্থ আৰু তিনিমহীয়া পত্ৰিকা উন্মোচন

অসমৰ গাঁৱে ভুৱে চহৰে নগৰে থকা শাখা সভা সমুহেহে প্ৰকৃতাৰ্থত অসম সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ আহিছে ৷ শাখাসমুহৰ নেতৃত্ব তথা কৰ্মকৰ্তাসমুহে পালন কৰি অহা বিভিন্ন কাৰ্যসূচীসমুহে স্থানীয় সুপ্ত প্ৰতিভাসমুহ বিকাশত কৰা তথা লেখক লেখিকা সকলক উৎসাহ জগোৱাৰ লগতে সাহিত্যানুৰাগীসকলক উজ্বীৱীত কৰি আহিছে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক তথা কবি হেমন্ত কলিতাৰ ৷ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ এটি উল্লেখযোগ্য শাখা মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাৰ এই মাহৰ মাহিলী বৈঠকত মুখ্য অতিথি তথা পৰ্য্যালোচক হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্য সংগঠক হেমন্ত কলিতাই কয় যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধনাৰ্থে অহৰহ কাম কৰি থকা সাহিত্য সভাৰ মজিয়াত এচামে কৰি থকা কুকৰ্মই সভাক মাজে মাজে বিতৰ্কৰ মাজলৈ টানে যদিও এইবেলি সভাৰ কেন্দ্ৰীয় নেতৃত্ব তথা তৃণমূল পৰ্য্যায়লৈ সকলো কৰ্মীয়ে নিজৰ গাঠিৰ ধন ভাঙি, জীৱনৰ মূল্যবান সময় জাতি আৰু ভাষা জননীৰ নামত উচৰ্গিত কৰি আহিছে ৷ ফলত সাহিত্য সভাৰ হেৰাব ধৰা গৰিমা

জনমানসত আকৌ উজ্বীৱীত কৰাৰ নিমিত্তে দিন ৰাতি কাম কৰি আছে সভাৰ নেতৃত্বই ৷ তেনেধৰণে কাম কৰি প্ৰতি মাহে সাহিত্য বৈঠক আৰু তিনি মাহৰ মুৰে মুৰে পত্ৰিকা প্ৰকাশ কৰি এক বিশেষ দৃষ্টান্তৰে অসম সাহিত্য সভাৰ এক উল্লেখনীয় শাখা সভা হিচাবে মঠঘৰীয়া শাখা সাহিত্য সভাখনিৰ কাৰ্য্যপ্ৰণালীক ভূয়সী প্ৰশংসা কৰে সাহিত্যকৰ্মী হেমন্ত কলিতাই ৷ বৈঠকৰ আৰম্ভণিত মুখ্য অতিথি কলিতাক ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনাই সভাৰ কৰ্মকৰ্ত্তাসকলে ৷ কলিতাইয়ো শাখাসভাটিলৈ অসম সাহিত্য সভা সংবাদৰ কপি আৰু স্বৰচিত কবিতাপুথি ‘বহুদিনেই হ’ল’ ৰ লগতে তেখেতৰ সম্পাদিত গ্ৰন্থৰ টোপোলা এটি আগবঢ়াই ৷ যোৱা ২৫ আগষ্ট তাৰিখে শাখাটিৰ সভাপতি মথুৰা ডেকাৰ সভাপতিত্ব কৰা আৰু সম্পাদিকা পিংকুমণি কলিতাই আঁত ধৰা অনুস্থিত মাহটোৰ সাহিত্য বৈঠকত অৱসৰপ্ৰাপ্ত সৈনিক তথা জেষ্ঠ্য সভ্য মোহন চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ প্ৰৱাহ আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া দীনেশ চন্দ্ৰ বৰ্মনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ সহযাত্ৰী উন্মোচন কৰা হয় ৷ অনুষ্ঠানত শাখাটিৰ দ্বাৰা তিনি মাহৰ মুৰে মুৰে প্ৰকাশিত পত্ৰিকা সম্পাদক অনিল হালৈৰ সম্পাদনাত প্ৰকাশ কৰা সাহিত্য সুৱাস নামৰ পত্ৰিকাখনো উন্মোচন কৰা হয় ৷ সাহিত্য বৈঠক আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত মুখ্য অতিথি তথা পৰ্য্যালোচক হেমন্ত কলিতাক সহযোগ কৰে শাখাটিৰ উপ সভাপতি মুকুল চন্দ্ৰ গোস্বামী , প্ৰাক্তন সভাপতিদ্বয় মনোজ বৰ্মন আৰু হৰগোবিন্দ মহন্তই ৷

সভাত উন্মোচিত কাব্যগ্ৰন্থ দুখনিৰ গ্ৰন্থ প্ৰণেতা দুয়োজন কবিকো সম্বৰ্দ্ধনা জনোৱা হয় ৷ বৈঠকখনত গোৰেশ্বৰৰ সাহিত্যকৰ্মী সোনাৰাম ৰাজবংশী, দীনেশ বৰ্মন, মোহন চক্ৰৱৰ্তী, বলদেৱ দাস, মণিম ভাগৱতী, তহিদুৰ ৰহমান, নিৰোদ ভাগৱতী, অনিল হালৈ, পিংকুমণি কলিতা, প্ৰদীপ শৰ্মা, মিৰামণি গোস্বামীয়ে কবিতা পাঠ , মুকুল চন্দ্ৰ গোস্বামী আৰু জুৰি গোস্বামীয়ে প্ৰৱন্ধ পাঠ , মথুৰা ডেকাই চুটিগল্প পাঠ প্ৰমুখ্যে ২৬ জন সাহিত্য সভাৰ আজীৱন সভ্যই কবিতা , অণুগল্প আদি পাঠ কৰে ৷ বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ অমৰ সৃষ্টি গধুলী হ’ল তৰাও জিলিকিল শীৰ্ষক গীতটি পৰিবেশন কৰি সমজুৱাক মোহিত কৰে কণ্ঠশিল্পী অনামিকা কলিতাই ৷ সভাত পঠিত প্ৰতিটো ৰচনাৰাজীৰ তন্নতন্নকৈ পৰ্য্যালোচনা আগবঢ়োৱাৰ উপৰিও সাংগঠনিক বক্তব্যও ৰাখে পৰ্য্যালোচক কলিতাই ৷ বৈঠকত সভাৰ আজীৱন সভ্যবৃন্দ ক্ৰমে মনোজ কলিতা, বাপুৰাম কলিতা, বাপুধন তালুকদাৰ , বিনা ডেকা, অনিল চৌধুৰী , মনোজ বৰ্মণ , মনোজ ডেকা, অনিমা দেৱী, যোগেশ্বৰ কুমাৰ প্ৰমুখ্যে বহুকেইজন সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰে ৷ সম্পাদিকা পিংকুমণি কলিতাই শলাগৰ শৰাই আগবঢ়োৱা প্ৰায় পাচ ঘণ্টাজোৰা বৈঠকখন জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয় ৷

Leave A Reply

Your email address will not be published.