Breaking

নাজিৰাত আৰক্ষী পৰ্যবেক্ষকৰ সৈতে বৈঠক

0 2,054


১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচন পৰ্যবেক্ষন কৰিবলৈ আৰক্ষী পৰ্যবেক্ষক আই. পি. এছ ১৯৯৮ বৰ্ষৰ  ইউ পি কেদাৰৰ সুভেদ্ৰ কুমাৰ ভগত ইতিমধ্যে শিৱসাগৰত  উপস্থিত হয়। আজি পুৱাৰ ভাগত তেওঁ নাজিৰা জিলা নিৰ্বাচনী  বিষয়া লক্ষিমী দত্ত, নাজিৰা নিৰ্বাচন জিলাৰ নিৰ্বাচন পৰ্যবেক্ষক ড০ পাৰ্থ সাৰথি মিশ্ৰ (আই এ এছ),  শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু মহ্কুমা আৰক্ষী বিষয়া প্ৰদীপ কো৺ৱৰৰ  লগত নিৰ্বাচন সম্বন্ধীয় সভাত  মিলিত হয়। তেওঁৰ লগত দুজন প্ৰটকল বিযয়া ক্ৰমে শিৱসাগৰৰ সহ আৰক্ষী বিষয়া গীতাৰ্থ চৌধুৰী, জিলা ক্ৰীড়া বিষয়া প্ৰতিম বৰুৱাক নিয়োগ কৰা হৈছে। নাজিৰাৰ নিৰ্বাচন সম্বন্ধীয়  অভিযোগ সমূহ পোনপতীয়া কৈ তেখেতক ৬০০২৪৬১০২৪  নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে। তেওঁ আৰক্ষী তহলদাৰী দল আৰু অন্যান্য নিৰ্বাচনী সুৰক্ষাৰ লগত জড়িত বিষয়সমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি  নাজিৰা বিধানসভা সমষ্টিৰ অতি পিচপৰা আৰু ভিতৰুৱা ভোট গ্ৰহন কেন্দ্ৰসমূহৰ কটকটীয়া  নিৰাপত্তা প্ৰদান কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আৰক্ষী পৰ্যৱেক্ষক সুভেদ্ৰ কুমাৰ ভগতে ইতিমধ্যে বহুকেইখন নিৰ্বাচন সম্বন্ধীয় সভাত অংশগ্ৰহণ কৰি চৰাইদেউ, শিৱসাগৰ, সোনাৰি আৰু ডিমৌ থানাসমূহ নীৰিক্ষন কৰে। লগতে থাওৰা বিধানসভা সমষ্টি আৰু অৰুণাচলৰ সীমামূৰীয়া জিলা  লংডিংত উপস্থিত হৈ নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহৰ বুজ লোৱাৰ লগতে বহু কেইটা ভোত গ্ৰহাণ কেন্দ্ৰ নীৰিক্ষণ কৰে। তদুপৰি তেওঁ Central Para Military Force ৰ লগত জড়িত বিষয়সমূহ পুনঃ  নীৰিক্ষণ কৰে। তেওঁ বিশেষকৈ FST আৰু SST ৰ লগত জড়িত বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগন্তুক নিৰ্বাচনত   কোনো ধৰণৰ দুৰ্নীতি তথা অনিয়ম  কাৰ্য্য যাতে সংঘটিত নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । 

Leave A Reply

Your email address will not be published.