Breaking

সুব্ৰত কাপ ছাৱ-জুনিয়ৰ ফুটবলত মেঘালয় চেম্পিয়ন, বয়স ব্যৰ্থতাৰ বাবে বিদায় লৈছিল অসমৰ দলে…

0 19

মেঘালয়ৰ নংগিৰি প্ৰেছবিটেৰিয়ান মাধ্যমিক বিদ্যালয়ে ৬৩ সংখ্যক সুব্ৰত কাপ ছাৱ-জুনিয়ৰ ফুটবলৰ ল’ৰাৰ খিতাপ দখল কৰিছে৷ বেংগালুৰুত বুধবাৰে অনুষ্ঠিত হোৱা ফাইনেলত দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে উত্তৰ প্ৰদেশৰ মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ক৷ বিজয়ী দলটোৰ হৈ ৰিনটঙে দুটা গ’ল কৰাৰ বিপৰীতে নামেবানলাম নংচেহে তৃতীয়টো গ’ল দিয়ে৷

উল্লেখ্য যে খেলৰ ২০ ছেকেণ্ডতে প্ৰথমটো গল কৰা ৰিনটঙে ৩৪ মিনিটত দ্বিতীয়টো গল কৰে৷ আনহাতে, মেঘালয়ে ৪৮ মিনিটত তৃতীয়টো গল কৰে৷ খেলৰ অন্তত চেম্পিয়ন দলক বঁটা আৰু প্ৰাইজমানি প্ৰদান কৰে এয়াৰ মাশ্বৰ্ল নাগেশ কাপুৰ, ভাৰতীয় বেডমিণ্টনৰ তাৰকা অলিম্পিয়ান এইচ এছ প্ৰনয় আৰু এথলীট অশ্বিনী আকুনজিয়ে৷

বিজয়ী দলে চাৰি লাখ, ৰানাৰ্ছআপ দলে দুই লাখ, ছেমিফাইনেল পৰাস্ত হোৱা উভয় দলে ৫০ হেজাৰকৈ আৰু কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা দলে ২৫ হেজাৰকৈ টকা লাভ কৰে৷ উল্লেখ্য যে প্ৰতিযোগিতালৈ অসমৰ ক্ৰীড়া বিভাগেও দল প্ৰেৰণ কৰিছিল যদিও বয়সৰ পৰীক্ষাতে ব্যৰ্থ হৈ এখনো মেচত অংশ ল’ব নোৱাৰিলে৷ অথচ লাখ টকা খৰছ কৰি বিভাগে অসমত প্ৰতিযোগিতা আয়োজন কৰিছিল৷

ইফালে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ৰ অভিষেক পেটেল৷ তেওঁ ৪০ হেজাৰ টকা লাভ কৰে৷ শ্ৰেষ্ঠ গ’লৰক্ষক মেঘালয়ৰ থ্ৰিচিলবিথ এ চাংমা আৰু শ্ৰেষ্ঠ প্ৰশিক্ষক মেঘালয়ৰ দলটোৰ পিনখ্ৰেহলাং নংচেহ৷ উভয়ে ২৫ হেজাৰকৈ লাভ কৰে৷ ফেয়াৰ প্লে বঁটা লাভ কৰা ছিকিমৰ তাছি নামগ্যাল একাডেমীক ৫০ হেজাৰ প্ৰদান কৰাৰ বিপৰীতে শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰা মেজৰ ধ্যানচান্দ ক্ৰীড়া মহাবিদ্যালয়ক ৪০ হেজাৰ টকা দিয়া হয়৷

উল্লেখ্য যে সুব্ৰত কাপৰ জুনিয়ৰ ছোৱালীৰ খেল ইতিপূৰ্বে সমাপ্ত হোৱাৰ পাছত অহা দুই ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ জুনিয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসমেও এই প্ৰতিযোগিতালৈ পিলিক চৌধুৰীৰ চেম্পিয়ন দলটোক প্ৰেৰণ কৰিব৷

Leave A Reply

Your email address will not be published.