Mehboob Ali Warns Yogi Government: ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’: যোগী আদিত্যনাথক সকীয়নি এছ পি নেতা মেহবুব আলীৰ

দৈনন্দিন বাৰ্তা, ১ ছেপ্টেম্বৰঃ উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। সম্প্ৰতি ৰাজ্য খন ভ্ৰমণ কৰি আছে সমাজবাদী পাৰ্টিৰ নেতাসকলে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে নিবনুৱা সমস্যা, প্ৰশ্নকাকত ফাদিল, অপৰাধ আৰু বুলডজাৰৰ বিষয়ত যোগী আদিত্যনাথৰ শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি আহিছে।(Mehboob Ali Warns Yogi Government)

এনে সময়তে এছ পি নেতা মেহবুব আলীয়ে এক বিতৰ্কিত মন্তব্যৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমৰোহৰ বিধায়ক মেহবুব আলীয়ে বিজনুৰত এখন ৰাজহুৱা সভাত ভাষণ দি বিতৰ্কিত মন্তব্য কৰে। আলীয়ে কয়- ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’। আদিত্যনাথক উদ্দেশি আলীয়ে কৰা এই মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।(Muslim Population Increasing, Your Rule Will End)

সমাজবাদী পাৰ্টিৰ বিধায়ক মেহবুব আলীয়ে উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা মুছলমান জনসংখ্যাৰ বাবে ২০২৭ চনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি ক্ষমতাৰ পৰা আংতৰিব লাগিব বুলি দাবী কৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীগৰাকীয়ে ক্ৰমবৰ্ধমান মুছলমান জনসংখ্যাক ব্যৱহাৰ কৰি যোগী আদিত্যনাথ প্ৰশাসনলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰে। সমাৱেশৰ সময়ত আলীয়ে উল্লেখ কৰে যে ৰাজ্যখনত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে, আৰু ফলত বিজেপিৰ শাসনৰ অন্ত পৰিব। তেওঁ ৮০০ বছৰ ধৰি ভাৰতত চলা মোগলৰ শাসনৰ কথা উল্লেখ কৰি কয় যে যদি মোগলৰ শাসনৰ অস্তিত্ব ঘূৰি আহে তেন্তে উত্তৰ প্ৰদেশত বিজেপি কিমান দিন ক্ষমতাত থাকিব? ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ভৱিষ্যদ্বাণী কৰে যে ২০২৭ চনৰ ভিতৰত যোগী আদিত্যনাথ উত্তৰ প্ৰদেশত ক্ষমতাৰ পৰা চিটিকি পৰিব।(SP Leader Mehboob Ali Warns Yogi Adityanath Government)

বিজনুৰত ‘সংবিধান সন্মান সভা’ত ভাষণ দিওঁতে মেহবুব আলীয়ে মোদী চৰকাৰকো সমালোচনা কৰে। তেওঁ চৰকাৰে ৰে’লৱে, টেলিকমিউনিকেচন, এল আই চি, বিমানবন্দৰকে ধৰি সকলো বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। বিধায়কগৰাকীয়ে লগতে কয় যে জনসাধাৰণে এতিয়া সত্য উপলব্ধি কৰিছে বিজেপি পুনৰ ক্ষমতালৈ ঘূৰি নাহে।(BJP)

আলীয়ে বিজেপিক সংবিধানৰ বিৰোধী বুলি অভিযোগ কৰি দলটোৱে সংৰক্ষণৰ বিৰোধিতা কৰে বুলিও কয়। তেওঁ দৃঢ়তাৰে কয় যে সমাজবাদী পাৰ্টিয়ে সংবিধানৰ নীতিসমূহ পালন কৰি আহিছে। বিজেপি চৰকাৰৰ দিনত আইনৰ শাসনৰ অস্তিত্ব নাই বুলিও অভিযোগ উত্থাপন কৰে এছ পি নেতাগৰাকীয়ে।

Related Articles