Breaking

সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰি খেল-পথাৰখনক খেলপথাৰ হিচাপে সংৰক্ষণ কৰাৰ দাবীত মূখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ…

0 51

গুৱাহাটীত ভৰলুমুখস্থিত শিক্ষা প্ৰতিষ্ঠান সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শিক্ষা বিভাগে শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি খবৰ বিয়পি পৰাৰ পাছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি খেলপথাৰ এখন ধ্বংস কৰি তাত ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলন তথা এলুমণি এচোছি়েয়েশ্যনেও। ইয়াৰ মাজতে খেলপথাৰ ধ্বংস কৰি তাত যাতে কোনো ধৰণৰ ভৱন নিৰ্মাণ কৰা নহয় তাৰ বাবে দাবী জনায় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৮ জুলাইত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰত বিধায়ক গৰাকীয়ে সোণাৰাম খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।

মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত বিধায়ক গৰাকীয়ে উল্লেখ কৰা অনুসৰি ভৰলুমুখৰ পৰা মালিগাঁওলৈ এই বৃহৎ অঞ্চলত এখনেই খেলপথাৰ আছে। সেই খেলপথাৰখন হ’ল- সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। উক্ত খেল পথাৰত খেল-ধেমালীৰ অনুশীলন, বিভিন্ন সভা-সমিতি, প্রদর্শনী আদি গোটেই বছৰটোতেই অনুষ্ঠিত হৈ থাকে। বর্তমান শিক্ষা বিভাগে উক্ত খেলপথাৰ খনতেই সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনটো নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। উক্ত সিদ্ধান্তৰ প্রতি উক্ত বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু এলুমিনি গোটৰো সম্পূর্ণ বিৰোধীতা আছে। বিধায়ক হিচাবে মইও এই সিদ্ধান্তৰ বিৰোধীতা কৰিছো। মই ভাবো-বর্তমানৰ বিদ্যালয়ৰ কাষতেই নতুন ভৱনটো নিৰ্মাণ কৰিব পৰা যাব। গতিকে মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো আৰু শিক্ষা বিভাগে লোৱা সিদ্ধান্তটো বাতিল কৰি আপুনি এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত দিব বুলি আশা কৰিলো। উল্লেখ্য যে বৰ্তমান বিদ্যালয়ত গ্ৰীষ্ম বন্ধ চলি আছে। বন্ধ খোলাৰ পাছত ছাত্ৰ সমাজেও খেলপথাৰত নতুন ভৱন নিৰ্মাণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.