Breaking

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

0 43

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত মাননীয় জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। কাৰ্য্যকৰ্তা সকলে জনায় যে, সৰ্বভাৰতীয় সংগঠণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF) য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা ১০ বছৰৰো অধিক কাল সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি বিভিন্ন অভিযান চলাই থকা হৈছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSF ৰ মূখ্য সংৰক্ষক মাননীয় ইন্দ্ৰেশ কুমাৰজীৰ মাগদৰ্শনত গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহত দেশৰ সকলো প্ৰান্তৰ লোকেই সমৰ্থন জনাই আহিছে।জনোৱা হ’ল যে, এই জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ বিষয়ে ৯ আগষ্ট, ২০১৮ তাৰিখে সংগঠন তথা সংসদৰ সংযুক্ত প্ৰতিনিধি বৰ্গই ভাৰতবৰ্ষৰ  মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি ১২৫ জন সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল। ২০২৩ বৰ্ষত দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সমগ্ৰ দেশজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু যোৱা ২৯ অক্তোবৰ তাৰিখে সমগ্ৰ দেশতেই সংগৃহিত হোৱা এক কৌটিৰো অধিক সাক্ষৰ সমলিত পত্ৰসমূহ লৈ দেশৰ ৰাজধানী দিল্লীৰ সমীপৰ গাজিয়াবাদৰ পৰা এক বৃহৎ ৰেলীৰে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ লৈ যোৱা হৈছিল। সেই ৰেলীৰ অন্তত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী ডাঙৰীয়াই আমৰণ অনশন কাৰ্য্যসূচী পালন কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ প্ৰতিশ্ৰুতিত কেন্দ্ৰীয় মন্ত্ৰী মাননীয় গিৰিৰাজ সিং ডাঙৰীয়াৰ হস্তক্ষেপত আমৰণ অনশণ কাৰ্য্যসূচী উঠাই লোৱা হৈছিল।

যোৱা ফেব্ৰুৱাৰী মাহৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনখনৰ বিষয়ে আলোচনা কৰিবলৈ এখন উচস্তৰীয় কমিটি গঠণ কৰিবলৈ নিৰ্দেশ দিছিল। অসম জেএছএফ ৰ অধ্যক্ষ মাননীয় পঙ্কজ তালুকদাৰৰ লগতেই কাৰ্য্যকৰ্তা সকলে জনায় যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভনীতেই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব বুলি যথেষ্ট আশাবাদী।কামৰূপ মহানগৰ জিলাধিকাৰীৰ যোগেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অৰ্পণ কৰা  আজিৰ এই কাৰ্যসূচীত JSF, অসমৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ, সংগঠণ সচিৱ মৃণাল গোস্বামী, উপাধ্যক্ষ ৰঞ্জন কুমাৰ মেধি, মহাসচিৱ পৰাগ ডেকা, জেএছএফ, অসমৰ মহিলা শক্তি গোটৰ অধ্যক্ষা শ্ৰীমতী জুলা শৰ্মা সহিত শতাধিক জেএছএফ কাৰ্য্যকৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.