Men’s Nutrition Needs: ৫০ বছৰীয়া পুৰুষে খাব লাগে এই সমূহ খাদ্য

বয়স ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা মন পচন্দৰ সকলো বস্তু আঁতৰাই পেলাব। ৫০ বছৰৰ পিছত পুষ্টিকৰ খাদ্য দৈনিক আৰু পৰিমিতভাৱে খাব লাগে। ৪০ পাৰ হোৱাৰ পিছত মানুহৰ শৰীৰত বিভিন্ন বেমাৰে লগ দিয়ে। কিছুমান হৃদৰোগত, কিছুমান উচ্চ ৰক্তচাপত আৰু কিছুমান ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়।(Men’s Nutrition Needs) তাৰ লগতে বাতবিষৰ বিষৰো সমস্যা আছে। বয়স ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সুষম খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু বেছিভাগ মানুহেই সেই কথা বিশ্বাস নকৰে। তাৰ উপৰিও বহুতে ধূমপান আৰু মদৰ প্ৰতি আসক্তি হয়।

পঞ্চাশ বছৰ অতিক্ৰম কৰা পুৰুষৰ খাদ্য কেনেকুৱা হ’ব লাগে জানো আহক-

১) ভাত বা ৰুটি সকলো খাব লাগে। কিন্তু কমকৈ খাব। এবাৰতে বেছি খাদ্য নাখাব, মাজে মাজে কম পৰিমাণে খাব।

২) বদহজমৰ সমস্যা হ’লে ঘেঁহুৰ আটা বা আটা খোৱাৰ সলনি ৰাগী খাব পাৰে। বগা ৰুটি, বিস্কুট পৰিহাৰ কৰি ব্ৰাউন ব্ৰেড খাব। যিকোনো ধৰণৰ শস্য যেনে ওটছ, কুইনোয়া, ডালিয়া দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

৩) ৰাতিপুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত ব্ৰেকফাষ্ট খাব লাগে। ব্ৰেকফাষ্ট গাখীৰ-কৰ্ণফ্লেক বা ডালিয়া খিচিৰি বা শাক-পাচলিৰ সৈতে ওটছ হ’ব পাৰে। গাখীৰ হজম নহ’লে হাতেৰে বনোৱা গৰম ৰুটি দুখন আৰু এবাটি শাক-পাচলি খাব লাগে।

৪) যি মাছ বা মাংসে খাই মছলা কমকৈ ৰান্ধিব লাগে। মাছ, মাংস বা কণী একেলগে খাব নালাগে। দুপৰীয়াৰ আহাৰত মাছৰ লগত আন কোনো প্ৰটিন যোগ নকৰিব। মাংস খোৱাৰ পিছদিনা পনীৰ নাখাব।

৫) দুপৰীয়াৰ আহাৰ খোৱাৰ এঘণ্টাৰ পিছত মৌচুমি বা নেমু ফল খোৱা ভাল। ৯ বজাৰ আগতে ৰাতিৰ আহাৰ খাব লাগে। যদি ৰাতি ভাত খোৱাৰ অভ্যাস আছে, তেন্তে একাপতকৈ বেছি ভাত নাখাব, নহ’লে দুখন ৰুটি, এবাটি শাক-পাচলি খাব।

৬)দিনে মাত্ৰ এটাকৈ কণী খোৱাই ভাল। সকলো ধৰণৰ দাইল খাব পাৰে। লগতে সেউজীয়া শাক-পাচলি বেছিকৈ খাব।

৭)ওমেগা-৩ ফেটি এচিডৰ বাবে বিভিন্ন ধৰণৰ বাদাম খাব লাগে। আলমণ্ড, আখৰোট, চিয়া গুটি নিয়মিতভাৱে খাব পাৰে। দিনটোত এটা বা দুটা খেজুৰ খাব লাগে।

Related Articles