Breaking

শিলাদিত্যৰ সমষ্টিত হাহাকাৰ কৰি থকা শ শ বানাক্ৰান্তক সাহাৰ্য্য বিতৰণ কৰিলে মৰ্কজুল মা’আৰিফে।

0 99

হোজাই: 

যোৱা চাৰি দিন ধৰি হোজাই জিলাৰ বানাক্ৰান্ত অঞ্চলৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে মৰ্কজুল মা’আৰিফৰ সাহাৰ্য বিতৰণ কাৰ্যসূচী।চতুৰ্থ দিনা অৰ্থাৎ সোমবাৰে হোজাই জিলাৰ হোজাই সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি, আমলীপুখুৰী আৰু ১২ ফুটিয়া গাওঁ পঞ্চায়তৰ কেবাটাও আশ্ৰয় শিবিৰত বানাক্ৰান্ত সকলক আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।পানীৰ মাজেৰে চাৰিখন নাৱৰে যাত্ৰা কৰি নিশা ৭ বজালৈকে বানাক্ৰান্ত সকলৰ মাজত আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিলে মৰ্কজুল মা’আৰিফে।আজমল CSR ৰ অধীনত থকা মৰ্কজুল মা’আৰিফে যোৱা চাৰি দিন ধৰি ৰাজ্যৰ লগতে হোজাই জিলাৰ প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে সাহাৰ্য্য বিতৰণ কাৰ্যসূচী।জিলাখনত চলা ভয়াবহ বানৰ তাণ্ডৱত সৰ্বোচ্চ হেৰুৱাই মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থকা সহস্ৰাধিক বানাক্ৰান্তক যোগান ধৰিলে চিৰা, চেনি, বিস্কুট, পানী আৰু একোখনকৈ তিৰপাল। শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ মাজত হাহিঁ বিৰিঙোৱাৰ এই পদক্ষেপক ধন্যবাদ জনালে সচেতন ৰাইজে।

Leave A Reply

Your email address will not be published.