Breaking

এমজিএনৰেগা পুঁজিৰ জালিয়াতি

0 1,083

ঝাৰখণ্ডৰ খনি সচিবৰ একাধিক চৌহদত ইডিৰ অভিযান।প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) শুকুৰবাৰে ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘল আৰু তেওঁৰ পৰিয়ালকে ধৰি একাধিক চৌহদত অভিযান চলায়।ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘলৰ বিৰুদ্ধে এমজিএনৰেগা পুঁজি আত্মসাৎ কৰাৰ অভিযোগৰ উত্থাপন হৈছিল।২০০৮-১১ বৰ্ষত ৰাজ্যখনৰ খুণ্টি জিলাত ১৮ কোটি টকাৰ এমজিএনআৰইজিএ পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পিছতে বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল।ইডিয়ে ৰাজ্যখনৰ ৰাজধানী ৰাঁচীত তালাচী চলাই দুটা চৌহদৰ পৰা মুঠ ১৯.৩১ কোটি টকা নগদ ধন জব্দ কৰে৷ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰৰ চৌহদৰ পৰা প্ৰায় ১৭.৫১ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে ।আইএএছ বিষয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে পুঁজিৰ ধন আত্মসাৎ কৰাত উক্ত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰগৰাকীয়ে সহায় কৰাৰ অভিযোগ উঠিছিল।চহৰখনৰ আন এটা স্থানৰ পৰা ইডিয়ে প্ৰায় ১.৮ কোটি টকা উদ্ধাৰ কৰে বুলি ইডিৰ সূত্ৰই জনাইছে।অভিযানৰ সময়ত বহু আপত্তিজনক নথিপত্ৰও জব্দ কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য পূজা সিংঘল ২০০০ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া ।

তেওঁ এটা সময়ত খুণ্টি জিলাত উপায়ুক্ত হিচাপে নিযুক্ত হৈ আছিল।

Leave A Reply

Your email address will not be published.