Breaking

MGNREGA কাম মানুহে নহয়, কাম কৰিছে কুকুৰে

0 12

মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ লোকসকলে ১০০ দিনৰ কৰ্মসংস্থাপন লাভ কৰি আহিছে । এই আঁচনিৰ অধীনতে দৈনন্দিন কামৰ ভিত্তিত পাৰিশ্ৰমিক লাভ কৰে শ্ৰমিকসকলে ।

মনকৰিবলগীয়া যে, এই আঁচনীৰ অধীনত হৈ কামৰ প্ৰমাণ হিচাপে MGNREGA পৰ্টেলত কাম কৰি থকা শ্ৰমিকৰ ফটো আপলোড কৰিব লাগে । কিন্তু ইয়াৰ বিপৰীতে এইখন দেশতে এক আজৱ ঘটনা সংঘটিত হৈছে । ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত এতিয়া মানুহে নহয়, কাম কৰিছে কুকুৰে !

আপুনি আচৰিত হ’ব, এইবাৰ MGNREGA পৰ্টেলত ১০০ দিনৰ কামত শ্ৰমিকৰ সলনি দেখা গ’ল কুকুৰৰ ছবি ! ৰাজস্থানৰ পালি জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ অধীনত জিলাখনৰ ছেদিয়া গাঁৱৰ এটা পথ নিৰ্মাণৰ কাম চলি আছিল ।

কামৰ প্ৰমাণ হিচাপে শ্ৰমিকৰ ফটো আপলোড কৰাৰ দায়িত্ব আছিল বিভাগীয় কৰ্তৃপক্ষৰ । কিন্তু দেখা গৈছে যে ৯ জন শ্ৰমিকৰ পৰিৱৰ্তে পৰ্টেলত ৰাস্তাৰ কুকুৰৰ ছবি আপলোড কৰা হৈছে। ইয়াৰ পাছতে ছবিখন ভাইৰেল হৈ পৰে।

এই ঘটনাই সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । খবৰ অনুসৰি, এই আজৱ ঘটনাৰ বাবে সেই অঞ্চলৰ বিডিঅ’ গৰাকীক লোকপালৰ নিৰ্দেশত এবছৰৰ বাবে ব্লেকলিষ্ট কৰা হয়

Leave A Reply