Breaking

MGNREGA আঁচনিৰ কামত ফাঁকি, নাম মাত্ৰ কাম কৰি দিলে ৰাইজৰ চকুত ধূলি

0 60

ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খন্ডৰ অধীনস্ত ঔডুবী গাওঁ পঞ্চায়তৰ সভাপতিয়ে খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাওঁত যোৱা ২০২০-২১ বৰ্ষত MGNREGA আঁচনিৰ অধীনত ৩ লাখ ৭১ হাজাৰ টকীয়া পথৰ কামত ২০-২৫ ট্ৰেক্টৰ মাটি পেলাইয়েই সমুদায় টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে গাওঁখনৰ ৰাইজে ।নাম মাত্ৰ কাম কৰি যাতায়তৰ ক্ষেত্ৰত ৰাইজক হাৰাশাস্তি কৰাৰ উপৰিও বাৰিষা কালত সম্পুর্ন ৰূপে যাতায়ত বন্ধ হৈ পৰাৰ শংকাত ভোগীবাৰিষাৰ আগতে কাম সম্পুর্ন কৰাৰ দাবী ৰাইজৰ ।


উল্লেখ্য যে এই জনেই ঔডুবী গাওঁ পঞ্চায়তৰ সভাপতি মফিদুল ইছলাম, যিজনৰ বিৰুদ্ধে কেইদিনমান আগত এটা পথতে দুবাৰকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ চৰকাৰী ধন আবন্টন লৈ এক বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল । নিজকে যোগ্য ভোগ্য বসুন্ধৰা বুলি জ্ঞান কৰা দুৰ্নীতিৰ সম্ৰাট পঞ্চায়ত সভাপতি মফিদুল ইছলামৰ বিৰুদ্ধে তদন্ত নকৰাৰ আঁৰৰ ৰহস্য কি ?

Leave A Reply

Your email address will not be published.