গাখীৰ, দৈ আৰু পনিৰ ভাৰতীয় পাকঘৰৰ গুৰুত্বপূৰ্ণ অংশ। এই তিনিটা দুগ্ধজাত সামগ্ৰীয়ে প্ৰটিন, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ উত্তম উৎস। কিন্তু প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে ইয়াৰে কোনবিধ আটাইতকৈ পুষ্টিকৰ?(Milk Curd Paneer)খাদ্যত কেৱল গাখীৰহে অন্তৰ্ভুক্ত কৰিব লাগে নে দৈ আৰু পনিৰো খোৱাটো প্ৰয়োজনীয়? জানি লওক এই বিষয়ে-
গাখীৰক প্ৰায়ে সম্পূৰ্ণ খাদ্য বুলি কোৱা হয়। ইয়াত কেলচিয়াম, প্ৰটিন, ভিটামিন ডি আৰু বি১২ আদি পুষ্টিকৰ উপাদান থাকে। শিশুৰ হাড় আৰু পেশীৰ বিকাশৰ বাবে গাখীৰ অতি উপকাৰী। লগতে প্ৰাপ্তবয়স্কসকলৰো হাড় মজবুত কৰি ৰাখে।
দৈক প্ৰিবায়টিক গুণৰ ভঁৰাল বুলি গণ্য কৰা হয়। দৈত ভাল বেক্টেৰিয়া থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। কেলচিয়াম আৰু প্ৰটিনৰ লগতে দৈত প্ৰ’বায়’টিকো থাকে, যিয়ে পেটৰ সমস্যা আঁতৰাই ৰাখে। বিশেষকৈ গ্ৰীষ্মকালত দৈ খাব লাগে, কাৰণ ই শৰীৰ শীতল কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
পনীৰ প্ৰটিনৰ এক উৎকৃষ্ট উৎস আৰু যিসকলে মাংস নাখায় তেওঁলোকৰ বাবে ইয়াক বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয়। কেলচিয়াম আৰু ফছফৰাছৰ লগতে পনিৰত ভিটামিন বি ১২ও পোৱা যায়। ই পেশী শক্তিশালী কৰাৰ লগতে ওজন কমাতো সহায় কৰে। কিন্তু বিশেষকৈ যিসকলৰ কলেষ্টেৰল বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা আছে তেওঁলোকৰ বাবে পনিৰ সীমিত পৰিমাণে খাব লাগে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে তিনিওটা দুগ্ধজাত সামগ্ৰীৰ নিজস্ব বিশেষত্ব আছে আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। যদি হাড়ৰ শক্তি বিচাৰে তেন্তে গাখীৰেই উত্তম। হজম শক্তি উন্নত কৰিবলৈ দৈ আৰু প্ৰটিনৰ বাবে পনিৰ খাওক।