Breaking

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ৰ আবেদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ মন্ত্ৰী অতুল বৰাৰ…

0 16

‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’খনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ ১০ লাখ কন্যাৰ শৈক্ষিক দিশত আশা আৰু সুযোগৰ এক নতুন যুগৰ সূচনা কৰিছে। শিক্ষাৰ বাবে অতি প্ৰয়োজনীয় আৰ্থিক সাহায্য আগবঢ়োৱা এই দূৰদৰ্শী আঁচনিখনে কেৱল আমাৰ কন্যাসকলক সবলীকৰণ কৰাই নহয়, বাল্যবিবাহৰ দৰে

সংবেদনশীল সামাজিক ব্যাধি নিৰ্মূল কৰাৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ৰাজ্যখনৰ এক সুৰক্ষিত, সমৃদ্ধিশালী ভৱিষ্যৎ সুনিশ্চিত কৰিব। আজি বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কন্যা ছাত্ৰীক আঁচনিখনৰ যাৱতীয় আবেদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই।

এই কাৰ্যসূচীত উপস্থিত থাকে অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া, বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষক আৰু শিক্ষাৰ্থীসকল।

Leave A Reply

Your email address will not be published.