অসমৰ প্ৰত্যেকটো ভাষা-ভাষী, জাতি জনগোষ্ঠীৰ যেন মিলন ভূমি এই অসম । প্ৰতিটো জনগোষ্ঠীয়ে নিজস্ব পৰম্পৰাৰে বিভিন্ন কৃষ্টি – সংস্কৃতি চৰ্চা কৰি অহা হৈছে।বিভিন্ন ভাষা-ভাষী,জাতি- জনগোষ্ঠীৰে গঢ় লৈ উঠা বৃহত্তৰ অসমীয়া জাতিৰ চাহ জনগোষ্ঠীসকলো আমাৰ অভিন্ন অংগ আছিল আৰু ভৱিষ্যতেও হৈ থাকিব।
চাহ জনগোষ্ঠী লোক সকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ঝুমইৰ হৈছে অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰমৰ অংগৰূপে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হয়। এই ঝুমইৰক বিশ্ববাসীৰ আগত তুলি ধৰাৰ আমাৰ দায়িত্ব আছে।
সেয়েহে টিংখাং সাংস্কৃতিক মঞ্চ, চাহ জনগোষ্ঠী মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অসমৰ সৰ্বদিশৰ অবিচ্ছেদ্য অংগ সেউজ সোণৰ খনিকৰ চাহজনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা সমষ্টিৰ ৪ টা স্থানত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে ।
আৰু তাৰেই অংশ স্বৰূপে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানক সৈতে কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাৱে কৰ্মশালাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰাই । এই কৰ্মশালাৰ জৰিয়তে চাহ জনগোষ্ঠী লোক তথা উঠি অহা প্ৰজন্মক যথেষ্ট পৰিমাণে উৎসাহিত কৰিব বুলি কয় মন্ত্ৰী বিমল বৰাই ।