Breaking

নিবনুৱালৈ আশাৰ সঞ্চাৰঃ মন্ত্ৰী বিমল বড়াৰ, ৮০ বিঘা মাটিত ৮৭ হাজাৰ কিলোগ্ৰাম আলু উৎপাদন…

0 38

ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা সাম্প্ৰতিক সমাজ জীৱনত এটা চৰকাৰী চাকৰি অথবা স্বচ্ছল জীৱন যাপনৰ বাবে আৰ্থিক নিৰাপত্তা বিচাৰি নিতৌ হাহাকাৰ কৰি অহা কৰ্মক্ষম যুৱ সমাজক সংগঠিত কৰি কৃষি বিপ্লৱৰ জৰিয়তে আত্ম সংস্থাপনৰ বাবে নতুন পথৰ সন্ধান দিবলৈ উদ্যোগ গ্ৰহণ কৰিছে টিংখাঙৰ “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড” নামৰ সমবায় সমিতিয়ে। ইতিমধ্যে সমবায়খনৰ উদ্যোগত কৃষি কৰ্মৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগ স্থাপন কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ সংৰক্ষণ, বজাৰ, যাতায়ত আৰু যোগাযোগৰ সূচল ব্যৱস্থা ইত্যাদি গঢ়ি তুলি আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি অৰ্থনীতিলৈ এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিবলৈ বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে।

টিংখাঙৰ বিধায়ক তথা উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত টিংখাং বিধানসভা সমষ্টি ভিত্তিত গঠন কৰা “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড” ৰ উদ্যোগত ইতিমধ্যে সমষ্টিটোৰ ধমন কেন্দুগুৰি, লেঙেৰীৰ শলগুৰি আৰু খোৱাং কলৌলোৱাত পৰীক্ষাগামূলক ভাৱে ৮০( আশী) বিঘা মাটিত উন্নত জাতৰ FC11 আৰু FC3 প্ৰজাতিৰ আলুৰ বীজ ৰোপন কৰি প্ৰায় ৮৭,০০০ কিলোগ্ৰাম আলু উৎপাদন কৰিবলৈ সক্ষম হৈছে। মাল্টিনেশ্বনেল কোম্পানী “পেপচিকো: ইণ্ডিয়া হলডিং প্ৰাইভেট লিমিটেড” ৰ লগত বাণিজ্যিক চুক্তিৰ জৰিয়তে আলু উৎপাদন আৰু বিক্ৰীৰ বাবে এখন বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে মন্ত্ৰী বিমল বড়াই। চুক্তি অনুসৰি দিহিংচাঙৰ উদ্যোগত উৎপাদিত সমুদায় আলু কৃষকৰ খেতি পথাৰৰ পৰাই যথোচিত মূল্য প্ৰদান কৰি পেপচিকোয়ে ক্ৰয় কৰি নিব। উল্লেখ্য যে, টিংখাং বিধানসভা সমষ্টিৰ উত্তৰ-পূব দিশে বৈ যোৱা বুঢ়ীদিহিং নদীৰ বাঢ়নি পানীৰে প্ৰতিটো বাৰিষাতে উৰ্বৰা কৰি থৈ যোৱা বিশাল কৃষিভূমিত আলু খেতিৰ লগতে অন্যান্য শাক-পাচলি খেতি কৰি বৃহৎ সংখ্যক খেতিয়কে প্ৰচুৰ লাভবান হ’বলৈ সক্ষম হৈছে। দুগুণ উৎসাহেৰে কৃষি কাৰ্যত জড়িত কৰাৰ বাবে খেতিয়কসকলক উৎসাহিত কৰিবলৈ চলিত বৰ্ষত সৰ্বাধিক আলু উৎপাদন কৰিবলৈ সক্ষম হোৱা কৃষকসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰী বড়াই ঘোষণা কৰিছে। আনহাতে আগন্তুক বৰ্ষত অধিক বৃহৎ পৰিসৰত আলু খেতি কৰা পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি সমবায় সমিতিৰ সম্পাদক ভদ্ৰেশ্বৰ গগৈয়ে জানিবলৈ দিছে ৷ জানিব পৰা মতে, সমষ্টিটোৰ আঘোণীবাৰীৰ পৰা খোৱাং ঘাটলৈকে বুঢ়ীদিহিঙৰ বানপ্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিৰ ওপৰত নিৰ্মীয়মান ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথৰ দাঁতি-কাষৰীয়া বিশাল উৰ্বৰ মাটিত স্থানীয় খেতিয়কসকলক আলু খেতিৰ উপৰিও গোমধানৰ খেতি কৰাৰ বাবে সমিতিৰ তৰফৰ সহযোগিতা প্ৰদান কৰিবলৈ এক পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

মন কৰিবলগীয়া যে, আলু, গোমধান খেতিৰ সমান্তৰালকৈ খেতিয়ক সকলৰ মাজত ব্যৱসায়িক ভিত্তিত গাহৰি, ছাগলী, হাঁহ-কুকুৰা পালনৰ এক পৰিবেশ গঢ়ি তোলাৰ কৰ্ম আঁচনিও সমবায় খনে গ্ৰহণ কৰিছে। সমবায় খনৰ উদ্যোগত ঠাই বিশেষে Goatery village, piggery village গঢ়ি তুলি বিশেষকৈ কৰ্মক্ষম যুৱ সমাজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ পৰিকল্পনাৰে এক কৰ্ম আঁচনি যুগুত কৰা হৈছে। ব্যৱসায়িক ভিত্তিত গ্ৰহণ কৰা এনে কৰ্ম আঁচনিৰ জৰিয়তে কৃষি উদ্যোগলৈ এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে ৷ মন্ত্ৰী বিমল বড়াই সমষ্টিটোৰ নিবনুৱা যুৱকসকলক কৃষি কৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰি অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি প্ৰকৃত জাতীয়তাবাদৰ পৰিচয় দিয়াৰ প্ৰয়াস জাৰি ৰখাৰ কথা জনাইছে ৷

Leave A Reply

Your email address will not be published.