বানাক্ৰান্ত অঞ্চল ভ্ৰমণ উদ্যোগ মন্ত্রী বিমল বড়াৰ


গুৱাহাটী, ৬জুলাই:বানাক্ৰান্ত ৰাইজক প্ৰতিটো ক্ষণত সহায় কৰিবলৈ অসম চৰকাৰ তথা জিলা প্ৰশাসনে তৎপৰতাৰে কাম কৰি আছে -আজি পশ্চিম যোৰহাটত বাণাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই।

মন্ত্রী বড়াই যোৰহাট জিলাৰ নিমাতী ঘাটৰ কেইবাটাও বান বিধ্বস্ত স্থান পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময়ো কৰেআৰু পৰিস্থিতিৰ বুজ লয়।
প্ৰবল বানপানীৰ ফলত যি সমূহ স্থানত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে সেই সমূহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে জলসম্পদ বিভাগে তৎপৰতাৰে পুনৰ্নিৰ্মাণ কৰি আছে বুলি মন্ত্রী বড়াই ৰাইজক অৱগত কৰে।
যোৰহাট জিলাৰ মেলেংহাটত উপস্থিত হৈ বাঢ়নি পানীয়ে ক্ষতিসাধন কৰা চুইচ গেট পুনৰ্নিৰ্মাণৰ কামৰ অগ্ৰগতিৰো মন্ত্রী গৰাকীয়ে বুজ লয়। তদুপৰি স্থানীয় ৰাইজ তথা বিভাগীয় বিষয়া সকলৰ সৈতে গ্ৰহণ কৰিব লগা পদক্ষেপৰ সন্দৰ্ভত আলোচনা কৰে।


উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৭ নং স্পাৰত উপস্থিত হৈ বাঢ়ণি পানীয়ে ক্ষতিগ্ৰস্ত কৰা অংশও মন্ত্রী গৰাকীয়ে পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে চলাই থকা উক্ত স্পাৰৰ মেৰামতিৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰে।

তদুপৰি এই অঞ্চলৰ বান সমস্যাৰ আশু সমাধানৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কৰ সৈতেও তেওঁ আলোচনা কৰে। এই পৰিদৰ্শন কালত মন্ত্রী বড়াৰ সৈতে যোৰহাট, মৰিয়নি আৰু দেৰগাঁৱৰ বিধায়ক ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী , ৰূপজ্যোতি কুৰ্মী , ভবেন্দ্ৰ নাথ ভৰালী ,জিলা আয়ুক্ত পুলক মহন্ত , আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত আছিল।

Related Articles