টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৰুজনাৰ জন্মজয়ন্তীৰ দিনা ল’লে সেৱা ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ

আজি মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাস গুৰুজনাৰ ৫৩৩ সংখ্যক জন্মজয়ন্তীৰ দিনা বৰনামঘৰত উপস্থিত হৈ সেৱা আগবঢ়ায়।উক্ত কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্য কৰি  কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান দিনে নিশাই ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ লগত ব্যস্ত থকাৰ মাজতে এই আধ্যাত্মিক পৰিবেশে তেওঁক মনৰ উদ্যোম অধিক শক্তিশালী কৰিছে লগতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰছাত্ৰীকে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে প্ৰাদেশীকৰণ বিদ্যালয়ৰ ফলাফলত সন্তোষ প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে  চৰকাৰে বিদ্যালয়সমূহৰ মাচুলৰ ক্ষেত্ৰত যি ৰেহাই দিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল তাৰ প্ৰতি কেইবাখনো বিদ্যালয়ে সহাৰি নিদিয়াৰ অভিযোগৰ ওপৰত সোধা প্ৰশ্নত তেওঁ তেনে বিদ্যালয়ৰ তথ্য দিলে চৰকাৰীভাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে।

Related Articles