Breaking

ডিব্ৰুগড়ত পানীত নামি কৃত্ৰিম বানৰ সমস্যা বুজ ল’লে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে… 

0 17

কৃত্ৰিম বানপানীৰ কবলত ঐতিহাসিক ডিব্ৰুগড় চহৰ।বিগত পাঁচটা দিন  ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ঐতিহাসিক চহৰখনৰ পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানপানীয়ে ভয়াবহ ৰূপ লাভ কৰা লগতে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাছতে পাঁচটা  দিনেই পানীৰ তলত ডিব্ৰুগড় চহৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে ঠায়ে এতিয়া পানীৰ তলত। আনকি দুটা দিনে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী। কেৱল সেইয়াই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাল কৃত্ৰিম পানী। বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথ সমূহত একাঁঠু পৰ্যন্ত পানী।

ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন । ইয়াৰ  মাজতে কালি ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন। থানা চাৰিআলিৰ মানকটা পথৰ কৃত্ৰিম বানত বুৰ যোৱা মানকটা পথৰ আঁঠুৰ ওপৰত পানীত নামি কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত বুজ ল’লে ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে। ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধানৰ কৰা আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ সকলো নলা সু-পৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হ’ব বুলি জনাই দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী গৰাকীৰ সৈতে ডিব্ৰুগড় চহৰত কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰিলে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক আৰ কে ৰেড্ডীয়ে।ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা বুজ ল’বলৈ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক লৈ গঠন কৰা হৈছে ৬ টা জ’ন। তেওঁলোকৰ মূল্যায়নৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰশাসনে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব। অন্যহাতে চহৰৰ কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে ২ টাকৈ আশ্ৰয় শিৱিৰ স্থাপন কৰিব।

বানপানীৰে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কৃত্ৰিম বানত আৱদ্ধ ৰোগীয়া ব্যক্তি সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰো ব্যৱস্থা কৰিছে। আনহাতে কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড়ত বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠানসমূহ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। জিলাখনৰ বান পৰিস্থিতিৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় কামকাজ কৰি থকাৰ কথাও উল্লেখ কৰিছে।

Leave A Reply