মন্ত্ৰী কেশৱ মহন্তই নগাঁৱৰ চাহ অধ্যুষিত অঞ্চলত চাৰিখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে…

নগাঁও জিলাৰ চামগুৰিৰ শালনাত আজি ৰাজ্য খনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই পুৰণা শালনা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন শুভ উদ্বোধন কৰে। উদ্বোধনী সভাত মন্ত্ৰী কেশৱ মহন্তই কয় – ” দেশ স্বাধীন হোৱাৰ পাছত চাহ বাগিচা অঞ্চলত আজি শিক্ষাৰ ক্ষেত্ৰত প্ৰথম ঐতিহাসিক দিন। ইয়াৰ পুৰ্বে চাহবাগিচা অঞ্চলত প্ৰাথমিক শিক্ষাতে সীমাবদ্ধ আছিল যদিও এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ দ্বাৰা অঞ্চলটোৰ ছাত্র ছাত্ৰী সকল উপকৃত হ’ব। ভবিষ্যতে এই বিদ্যালয় খন উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ উন্নীত কৰা হ’ব। যাতে চাহ বাগিচাতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষা লাভ কৰিব পাৰে” ।

আজিৰ অনুষ্ঠানত উপস্থিত আছিল নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিভাৰে , কলিয়াবৰ মহকুমাধিপতি পবিত্ৰ  দাস, নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথ, ৰূপহী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শইকীয়া,পুৰণা শালনা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মকান্ত বৰা,বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি অৰ্ণব হাজৰিকা আদি গণ্য মান্য ব্যক্তি। ইয়াৰ উপৰিও  মন্ত্ৰী মহন্তই আজি শগুনবাহী,কেলিডেন আৰু ডিজুভেলীটো তিনি খন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে বুলি জানিব পৰা গৈছে।

Related Articles