Breaking

জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰীকা

0 2,063

অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লয় | মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ পৰা বিগত সময়ত বিভাগে কৰা বিভিন্ন কামৰ সম্পূৰ্ণ খতিয়ান লোৱাৰ লগতে কাম সমাপ্ত কৰিব নোৱাৰা সকলোকে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত বাকী থকা কামসমূহ সমাপ্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে |
আজিৰ পৰ্যালোচনা সভাখনৰ আৰম্ভণিতে মন্ত্ৰী পীযুষ হাজৰীকাই বিগত বাৰিষাৰ সময়ত বিভাগীয় অভিযন্তা, বিষয়া তথা ঠিকাদাৰসকলৰ আন্তৰিক সমূহীয়া প্ৰয়াসৰ বাবে ৰাজ্যবাসী বানপানীৰ প্ৰকোপৰ পৰা তুলনামূলকভাৱে ৰেহাই পোৱা বুলি উল্লেখ কৰি সকলোকে ইয়াৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা জনায় | মন্ত্ৰীগৰাকীয়ে কয় যে যদিও বিগত সময়খিনিত বৰষুণৰ পৰিমাণ কম তথাপিও বিভাগীয় তত্পৰতাৰ বাবে প্ৰায় ১৫ টা মথাউৰি ভঙাৰ পৰা ৰক্ষা পৰিল | আনহাতে বিভাগৰ মুখ্য অভিযন্তাৰ প্ৰতিবেদন অনুসৰি ২০০০ চনৰ পৰা ২০২০ চনলৈ প্ৰায় ২০ বছৰ ৰাজ্যখনত গঢ় হিচাপে ৩০ ৰ পৰা ৩৫ টা মথাউৰি ভাঙিছিল বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই বছৰ মথাউৰি ভঙাৰ পৰা ৰক্ষা পোৱা কথাটো কিছু পৰিমাণে হ’লেও বিভাগৰ এক সফলতা | আনহাতে মন্ত্ৰী গৰাকীয়ে অহা বছৰৰ বাৰিষাৰ বাবেও বিভাগীয় সকলোকে সাজু হ’বৰ বাবে আহ্বান জনায় |বিভাগীয় বিষয়া আৰু অভিযন্তাসকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে বিভাগীয় মন্ত্ৰী হিচাপে তেঁওৰ প্ৰথম লক্ষ্য হৈছে ৰাজ্যখনত ইতিমধ্যে থকা মথাউৰিসমূহ নভগাকৈ ৰখা আৰু য’ত প্ৰয়োজন তাত নতুন মথাউৰি নিৰ্মাণ কৰা | বিভাগটোক জনমুখী কৰাৰ উদ্দেশ্যৰেই মাজে সময়ে মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া, অভিযন্তা তথা ঠিকাদাৰসকলৰ ওচৰত কঠোৰ হ’ব লগা হয় বুলিও উল্লেখ কৰে | আনহাতে ঠিকাদাৰ মন্ত্ৰী গৰাকীৰ কোনো বন্ধু অথবা শত্ৰু নহয় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিভাগীয় মন্ত্ৰী হিচাপে তেঁও কোনো ধৰণৰ আপোচ নোহোৱাকৈ সঠিক সময়ত কাম সুচাৰুৰূপে সমাপ্ত হোৱাটোহে বিচাৰে |

Leave A Reply

Your email address will not be published.