গোৱালপাৰাৰ আগিয়াত গুণোতসৱৰ পৰিদর্শকৰ ৰুপত মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম

গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আয়োজন কৰা তৃতীয় পর্যায়ৰ গুণোতসৱৰ আজি দ্বিতীয় দিনা গোৱালপাৰা জিলাৰ আগিয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আগিয়া যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ ভুমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰক্ষ্মই গুণোতসৱৰ পৰিদর্শকৰ ৰুপত উপস্থিত থাকে ! মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়খনৰ আন্ত:গাঠণি দিশ আৰু প্ৰতিটো শ্ৰেনী কোঠা পৰিদর্শণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হৈ পৰে।বিশেষকৈ বিদ্যালয়খনৰ চাফ চিকুনতা আৰু শৈক্ষিক পৰিৱেশ প্ৰত্যক্ষ কৰি মন্ত্ৰী গৰাকী আপ্লুত হৈ পৰা পৰিলক্ষিত হয়।


উল্লেখ যোগ্য যে এইবেলি গোৱালপাৰা জিলাত 1690 খন বিদ্যালয়ত প্ৰথম পর্যায়ৰ গুণোতসৱ চলি আছে !

Related Articles