Breaking

ওদালগুৰি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

0 2,037

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন,পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ মন্ত্ৰী যোগেন মহনে ১অক্টোবৰত ওদালগুৰিত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চা,ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান শিবিৰ উদ্বোধন কৰে।ৰক্তদান শিবিৰ উদ্বোধন কৰি মন্ত্ৰী মহনে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে জিলা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰ  এক মহান কাৰ্য।লগতে ৰক্তদান জীৱন দানৰ প্ৰতি সহাৰি জনাই যিসকলে ৰক্তদান কৰিবলৈ আহিছে  তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰে।কেক কাটি জন্মদিন পালন কৰাৰ সলনি ৰাইজৰ প্ৰতি সেৱাৰ মনোভাবেৰে কাম কৰিলেহে উপকৃত হব পাৰিব আৰু আমাৰ দলে এনেদৰেই প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰিছে  বুলি তেওঁ লগতে উল্লেখ কৰে।ৰক্তদান শিবিৰত ১০০ গৰাকীয়ে ৰক্তদান কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও আজি ১০ গৰাকীয়ে ৰক্তদান কৰে‌।অনুষ্ঠানত ওদালগুৰ জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীন,ওদালগুৰি জিলা বিজেপৰ সভাপতি সুনীল বসুমতাৰী,সাধাৰণ সম্পাদ বীৰদাও বসুমতাৰী,বিজেপি জিলা সমিতিৰ কাৰ্যকৰ্তা, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি সিকিৎসক,নাৰ্চসকল উপস্থিত আছিল।ইয়াৰ পিছতেই মন্ত্ৰী মহনে জিলা উপায়ুক্ত পি উদয় প্ৰবীন,ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক,ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ সহযোগত ওদালগুৰিৰ নিকটৱৰ্তী ভিচিডিৰ সাপখাইটি,ঝাৰাবাৰী আৰু খাংখালাবাৰী গাঁওলৈ গৈ চৰকাৰে দুখীয়াৰ বাবে গ্ৰহন কৰা বিভিন্ন চৰকাৰী আঁচনিৰ বুজ লয় আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি চৰকাৰী আঁচনি লাভ কৰিছেনে নাই মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.