Breaking

ৰাছিয়াৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ ছাত্ৰই

0 44

ৰাছিয়াৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে ভাৰতীয় ছাত্ৰই ।ইউক্ৰেইনত মৃত্যু ভাৰতীয় ছাত্ৰৰ। ৰাছিয়াৰ বাহিনীৰ দ্বাৰা প্ৰচণ্ড গুলীবৰ্ষণৰ ফলত দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত মঙলবাৰে এজন ভাৰতীয় ছাত্ৰ নিহত হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত টুইট কৰি এই কথা জনায়।


ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে নাগৰিকসকলক ৰাজধানী কিয়েভ “আজি জৰুৰীভাৱে” এৰি যাবলৈ কোৱাৰ কেইঘণ্টামান পিছত ছাত্ৰজনৰ মৃত্যুৰ খবৰ আহে।মৃত্যু হোৱা যুৱকজনৰ নাম নৱীন শেখৰপ্পা বুলি জানিব পৰা গৈছে।কৰ্ণাটকৰ যুৱকজন চিকিৎসাবিজ্ঞান অধ্যনৰত আছিল বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.