Breaking

নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল, ঘৰৰ ভিতৰত মাক-দেউতাকক হত্যা কৰি আছিল প্ৰেমিকে

0 2,129

ইণ্ডোৰৰ ৰুক্মিণী নগৰত বাসকৰা এছএএফ’ত চালক জ্যোতি প্ৰসাদ শৰ্মা আৰু তেখেতৰ পত্নী নীলমক তেওঁলোকৰ নিজৰেই নাৱালিক কন্যা আৰু তেওঁৰ প্ৰেমিকে পৰিকল্পিত ভাৱে হত্যা কৰে ।

অভিযুক্ত নাৱালিক কন্যাৰ বয়স ১৭ বছৰ আৰু তেওঁ একাদশ শ্ৰেনীত পঢ়ি আছে । তেওঁৰ প্ৰেমিক গৰাকীৰ নাম ধনঞ্জয় য়াদৱ । যোৱা বৃহস্পতিবাৰে মাজ নিশা আৰক্ষীয়ে দুয়োকে শুধা পোচা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।

হত্যাৰ ঘটনাটো সংঘটিত কৰা হৈছিল পুৱা প্ৰায় ৫ বজাত । হত্যাৰ বাবে চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল । যি সময়ত নিজৰ পিতৃ আৰু মাতৃক ভিতৰত প্ৰেমিকে হত্যা কৰি আছিল সেই সময়ত নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল ।

হত্যা কাণ্ডৰ সময়ত ঘৰৰ ভিতৰৰ পৰা চিঞৰ শুনি ওচৰ চুবুৰীয়া সাৰ পাই আৰু যুৱতী গৰাকীক কিহৰ চিঞৰ বাখৰ হৈ থকা বুলি শোধাত যুৱতী গৰাকীয়ে দেউতাকে সুৰা পান কৰি আহি মাকৰ লগত কাইজীয়া কৰি আছে বুলি জানিবলৈ দিয়ে । তাৰ পিছত চুবুৰীয়া নিজৰ নিজৰ ঘৰলৈ উভতি যায় ।

ৰাতিপুৱা ৮ বজাত দুয়োৰে মৃতদেহ চাদৰৰে মেৰিয়াই থোৱা অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হয় । প্ৰেমিক ধনঞ্জয়ৰ পিতৃ সেই অঞ্চলৰ পূৰ্বৰ উপ চৰপঞ্চ আছিল বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ মতে, সম্পূৰ্ণ হত্যা কাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল । হত্যা কাণ্ডৰ আগত ঘৰৰ চিচিটিভি কেমেৰা বন্ধ কৰি লোৱা হৈছিল । হত্যাৰ পিছৰে পৰা কন্যা গৰাকীৰ ম’বাইল বন্ধ হৈ আছে ।

Leave A Reply

Your email address will not be published.