Rajbir Singh: মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং

মৈৰাবাৰীত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজবীৰ সিং৷ মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীৰ বদৰুল ইছলামৰ বাসগৃহত আয়োজিত ইফটাৰত আমন্ত্ৰিত অতিথি হিচাপে উপাধ্যক্ষ ৰাজবীৰ সিং উপস্থিত হোৱাৰ লগে লগে সকলো লোক উৎফুল্লিত হৈ পৰে ৷(Rajbir Singh)

সংখ্যালঘু নেতা ৰাজবীৰ সিং আৰু উপস্থিত ৰাইজে ইফটাৰ গ্ৰহণৰ প্ৰাকক্ষণত বিশ্বশান্তি আৰু ভ্ৰতৃত্ববোধ বিৰাজ কৰাৰ বাবে দোৱা, প্ৰাৰ্থনা কৰাৰ লগতে ২৭ মাৰ্চ তাৰিখে সোণাপুৰত এক পথ দূৰ্ঘটনাত মৈৰাবাৰীৰ একেটা পৰিয়ালৰ নিহত হোৱা তিনিজন সদস্যৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা জনাই ৷

লাহৰিঘাটৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইফতাৰত অংশগ্ৰহণ কৰা লোকসকলে ৰাজবীৰ সিঙৰ অমায়িক ব্যৱহাৰত আপ্লুত হয় আৰু বিভিন্ন দিশত তেওঁলোকৰ মত ব্যক্ত কৰে৷ পৱিত্ৰ ৰমজান মাহৰ ইফতাৰত আমন্ত্ৰণ জনোৱাৰ বাবে বদৰুল ইছলামৰ সমূহ পৰিয়ালবৰ্গৰ লগতে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷


সংখ্যালঘু নেতা ৰাজবীৰ সিঙক সংগ দিয়ে মৰিগাওঁ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মহৰ আলি, সদস্য শ্বাহ আলম চৰকাৰ, এডভ’কেট কমৰুল ভূঞাসহ বিভিন্ন ব্যক্তি৷

Related Articles